মৰিয়নী,28 অক্টোবৰঃমৰিয়নী আৰক্ষীজিম্মাৰ পৰা পলাল এটা গভাইত চোৰ ৷ জানিব পৰা মতে, কিছুদিন পূৰ্বে দুটা চোৰে মৰিয়নীৰ ষ্টেচন তিনিআলিত এটা ছাগলী চোৰ কৰাৰ দৃশ্য CCTV কেমেৰাত বন্দী হৈছিল । ইয়াৰ পাচতে ছাগলীৰ গৰাকীয়ে মৰিয়নী আৰক্ষীক অৱগত কৰে যদিও আৰক্ষীয়ে কোনোধৰণৰ পদক্ষেপ লোৱা নাছিল ৷
মৰিয়নী আৰক্ষীৰ জিম্মাৰ পৰা পলাল গভাইত চোৰ - Goat thief in Mariani news
দিন দুপৰতে আৰক্ষী জিম্মাৰ পৰা পলায়ন ছাগলী চোৰৰ ৷ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি ৷
দেওবাৰে নিশা চোৰ দুটাই মৰিয়নী জোৰা পুখুৰীৰ পাৰত একে কায়দাৰে ছাগলী ধৰিবৰ চেষ্টা কৰে, কিন্তু আগৰ ভুক্তভোগী ছাগলীৰ গৰাকীয়ে চোৰ দুটাক চিনাক্ত কৰিব পাৰি এটা চোৰক ৰাইজৰ সহযোগত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ স্থানীয় ৰাইজে চোৰটোক মৰিয়নী আৰক্ষীক গতাই দিয়ে যদিও দিনৰ প্ৰায় ১১ মান বজাত কুখ্যাত ছাগলী চোৰটো আৰক্ষীৰ জিম্মাৰ পৰা পলাই যায় । এই কুখ্যাত ছাগলী চোৰটোৰ নাম যোৰহাটৰ বৰিগাঁৱৰ নাৰায়ণ ৰবি দাস বুলি জানিব পৰা গৈছে ৷ ঘটনাটোৱে মৰিয়নী আৰক্ষী চূড়ান্ত অসচেতনতাকে উদঙাই দিয়া বুলি ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে পঢ়কঃ যোৰহাটত আবতৰীয়া বান: আক্ৰান্ত বহু গাঁও