অসম

assam

ETV Bharat / state

চৰকাৰী অৱহেলাত জহিছে ব্ৰিটিছৰ স্বাক্ষৰ বহনকাৰী ৰ'ড ৰোলাৰ - British Time Road Roller

যোৰহাটৰ গড়মূৰস্থিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখত থকা গড়কাপ্টানী বিভাগৰ আৱাসিক এলেকাত পৰি ৰৈছে ব্ৰিটিছ সভ্যতাৰ স্বাক্ষৰ বহনকাৰী কয়লাৰে চালিত এখন ৰ'ড ৰোলাৰ ৷

ব্ৰিটিছৰ স্বাক্ষৰ বহনকাৰী ৰ'ড ৰোলাৰ

By

Published : May 18, 2019, 2:15 PM IST

যোৰহাট, 18 মেঃচৰকাৰী অৱহেলাত জহি-খহি যাবলৈ লৈছে ব্ৰিটিছ যুগৰ স্বাক্ষৰ বহনকাৰী আপুৰুগীয়া সম্পদ ৷ যোৰহাট জিলাৰ গড়মূৰৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখত থকা গড়কাপ্টানী বিভাগৰ আৱাসিক এলেকাত অৱহেলিত হৈ পৰি ৰৈছে ব্ৰিটিছে পথ নিৰ্মাণকাৰ্যত ব্যৱহাৰ কৰা এখন ঐতিহাসিক ৰ'ড ৰোলাৰ ৷ বহু সোণালী অতীতৰ গৌৰৱময় গাঁথা বহন কৰি অহা এইসমূহ আপুৰুগীয়া সম্পদ সংৰক্ষণৰ অভাৱ তথা চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ অনীহাৰ ফলত এতিয়া জহি খহি যাবলৈ লৈছে ৷

ব্ৰিটিছৰ স্বাক্ষৰ বহনকাৰী ৰ'ড ৰোলাৰ

যোৰহাটত থকা এইখন ব্ৰিটিছ যুগৰে কয়লাৰে চালিত এইখন ৰ'ড ৰোলাৰ এতিয়া মাথোঁ স্মৃতিৰ গৰাহত ৷ ইতিমধ্যেই কালৰ সোঁতত বহু ঐতিহাসিক সম্পদ নিঃশেষ হৈ পৰিছে যদিও যিখিনি বাকী আছে সেইখিনিও এতিয়া হেৰাই যোৱাৰ উপক্ৰম হৈছে ৷ সংৰক্ষণৰ অভাৱত জহি-খহি যাবলৈ লোৱা ৰলাৰখন শীঘ্ৰেই সংৰক্ষণৰ ব্যৱস্থা কৰি পৰৱৰ্তী প্ৰজন্মৰ বাবে সঞ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details