যোৰহাট,21 মাৰ্চঃ কৰ’ণা ভাইৰাছ সংক্ৰমণৰ সময়তে যোৰহাট চহৰৰ খ্ৰীষ্টান পট্টীত মাটি জমা কৰা ঘটনাই ক্ষোভিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক ৷ উল্লেখ্য যে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ সংযোগ ঘটা কৰ্কট ৰোগৰ বিশেষ মহল নিৰ্মাণৰ যো-জা চলোৱা হৈছে ৷ ইতিমধ্যে নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে ৷ কিন্তু নিৰ্মাণস্থলীৰ পৰা বীজাণুযুক্ত মাটি সমূহ চিকিৎসা মহাবিদ্যালয় খনৰে অন্তৰ্গত খ্ৰীষ্টান পট্টীত জমা কৰা নিৰ্দেশ দিয়ে ঠিকাদাৰে ৷ ঠিকাদাৰ গোষ্ঠীৰ দ্বাৰা জনবসতিপূৰ্ণ এলেকাত মাটি জমা কৰাৰ ফলত ব্যাপক বায়ু প্ৰদূষণৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷ বন বিভাগৰ মতে উক্ত ঠাইত মাটি জমা কৰাৰ আগতীয়া অনুমতি গ্ৰহণ কৰা নাই ঠিকাদাৰ গোষ্ঠীয়ে ৷ সেয়েহে এতিয়া ঠিকাদাৰ গোষ্ঠীৰ এই কাৰ্যত ক্ষুদ্ধ হৈ পৰিছে অঞ্চলবাসী ৷
যোৰহাটৰ খ্ৰীষ্টান পট্টীত মাটি জমা কৰা কাৰ্যক লৈ ক্ষুদ্ধ ৰাইজ - যোৰহাট চিকিৎসা মহাবিদ্যালয়
উল্লেখ্য যে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ সংযোগ ঘটা কৰ্কট ৰোগৰ বিশেষ মহল নিৰ্মাণৰ যো-জা চলোৱা হৈছে ৷ ইতিমধ্যে নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে ৷ কিন্তু নিৰ্মাণস্থলীৰ পৰা বীজাণুযুক্ত মাটি সমুহ চিকিৎসা মহাবিদ্যালয় খনৰে অন্তৰ্গত খ্ৰীষ্টান পট্টীত জমা কৰা নিৰ্দেশ ঠিকাদাৰৰ ৷
![যোৰহাটৰ খ্ৰীষ্টান পট্টীত মাটি জমা কৰা কাৰ্যক লৈ ক্ষুদ্ধ ৰাইজ villegers protest agibest dumping clay](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6494416-thumbnail-3x2-j.jpg)
যোৰহাটৰ খ্ৰীষ্টান পট্টীত মাটি জমা কৰা কাৰ্যক লৈ ক্ষুদ্ধ ৰাইজ
যোৰহাটৰ খ্ৰীষ্টান পট্টীত মাটি জমা কৰা কাৰ্যক লৈ ক্ষুদ্ধ ৰাইজ
Last Updated : Mar 21, 2020, 7:25 PM IST