অসম

assam

ETV Bharat / state

টীয়কৰ সংবাদ জগতৰ পথ প্ৰদৰ্শক বিজয় প্ৰকাশ বৰুৱাৰ দেহাৱসান - মীন বিভাগ

মীন বিভাগৰ সুৰক্ষিত চাকৰি এৰি প্ৰয়াত নীল কমল বেজবৰুৱাৰ আহ্বানত "নতুন অসমীয়া" কাকতৰ সাংবাদিক হিচাপে সাংবাদিকতাৰ কণ্টকময় জীৱন আৰম্ভ কৰা তথা ১৯৭২ চনত "দৈনিক জনমভূমি" কাকতৰ আৰম্ভণিৰ দিনৰে পৰা জড়িত হৈ বাংলাদেশ যুদ্ধৰ সময়ত তেতিয়াৰ পূব পাকিস্তানৰ ভূমিত উপস্থিত হৈ সাহসিকতাৰ পৰিচয় দিয়া বিজয় প্ৰকাশ বৰুৱাই পৰৱৰ্ত্তী সময়ত নীলাচল, দি আচাম এক্সপ্ৰেছ, জোনবিৰি,আজিৰ অসম, জনক্ৰান্তি, দাপোন আদি কাকতৰ সংবাদিক তথা আধানুলুপ্ত "সাপ্তহিক সমন্নয় বাৰ্তা"ৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত হৈ অসমৰ সংবাদ জগতত এক নতুন দিগন্তৰ সূচনা কৰিছিল ।

Vijay Prakash Baruah, the pioneer of Teok news world, has die
টীয়কৰ সংবাদ জগতৰ পথ প্ৰদৰ্শক বিজয় প্ৰকাশ বৰুৱাৰ দেহাৱসান

By

Published : Aug 10, 2020, 10:48 PM IST

টীয়ক,10 আগষ্টঃ বৃহত্তৰ টীয়কৰ সংবাদ জগতৰ অন্যতম বাটকটীয়া তথা ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ভাতৃ বিজয় প্ৰকাশ বৰুৱাৰ আজি মৃত্যু হয় ৷ স্বাস্থ্যজনিত কাৰণত গুৱাহাটীৰ বাসগৃহত মৃত্যু হয় টীয়কৰ সংবাদ জগতৰ পথ প্ৰদৰ্শকগৰাকীৰ ৷

টীয়কৰ সংবাদ জগতৰ পথ প্ৰদৰ্শক বিজয় প্ৰকাশ বৰুৱাৰ দেহাৱসান

মীন বিভাগৰ সুৰক্ষিত চাকৰি এৰি প্ৰয়াত নীল কমল বেজবৰুৱাৰ আহ্বানত "নতুন অসমীয়া" কাকতৰ সাংবাদিক হিচাপে সাংবাদিকতাৰ কণ্টকময় জীৱন আৰম্ভ কৰিছিল ৷ ইয়াৰ পিছতে ১৯৭২ চনত "দৈনিক জনমভূমি" কাকতৰ আৰম্ভণিৰ দিনৰে পৰা জড়িত হৈ বাংলাদেশ যুদ্ধৰ সময়ত তেতিয়াৰ পূব পাকিস্তানৰ ভূমিত উপস্থিত হৈ সাহসিকতাৰ পৰিচয় দিছিল বিজয় প্ৰকাশ বৰুৱাই ৷ পৰৱৰ্ত্তী সময়ত নীলাচল, দি আচাম এক্সপ্ৰেছ, জোনবিৰি, আজিৰ অসম, জনক্ৰান্তি, দাপোন আদি কাকতৰ সংবাদিক ৰূপে তথা আধানুলুপ্ত "সাপ্তহিক সমন্নয় বাৰ্তা"ৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত হৈ অসমৰ সংবাদ জগতত এক নতুন দিগন্তৰ সূচনা কৰিছিল।

টীয়কৰ সংবাদ জগতৰ পথ প্ৰদৰ্শক বিজয় প্ৰকাশ বৰুৱাৰ দেহাৱসান

এইগৰাকী বিশিষ্ট সাংবাদিকক মৃত্যুত সমগ্ৰ অসমৰ লগতে বৃহত্তৰ টীয়ক অঞ্চলতো শোকৰ ছাঁয়ে আগুৰি ধৰাৰ সমান্তৰালকৈ টীয়কৰ ব্ৰাহ্মণগাঁওস্থিত ধ্বনি কবি গৰাকীৰ ঐতিহাসিক অচ্যুত ভৱন তথা প্ৰয়াত বিজয় প্ৰকাশ বৰুৱাৰ পিতৃ গৃহটো শোকাকুল পৰিবেশে বিৰাজ কৰিছে । আনহাতে বিজয় প্ৰকাশ বৰুৱাৰ মৃত্যুত টীয়কৰ বিভিন্ন দল সংগঠন তথা ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ15 আগষ্টত টাই আহোমক প্ৰদান কৰক জনজাতিৰ মৰ্যদা: টাইপা

ABOUT THE AUTHOR

...view details