অসম

assam

ETV Bharat / state

Flood in Teok: কাকজান নদীৰ বাঢ়নী পানীয়ে বুৰালে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ - ৰাষ্ট্ৰীয় ঘাইপথ

টীয়কত বাঢ়নী পানীয়ে বুৰালে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ কাকজান , দ - গাঁও , দেৱান গাঁৱৰ বহু আৱাসিক অঞ্চল বাঢ়নী পানীৰ কবলত পৰিছে ৷

Various Villages in Teok Under flood
বানৰ কবলত টীয়ক

By

Published : Jul 7, 2023, 12:00 PM IST

টীয়কত বাঢ়নী পানীয়ে বুৰালে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

টীয়ক, 7 জুলাই: টীয়কৰ কাকজান নদীৰ বাঢ়নী পানীয়ে বুৰালে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পানীত বুৰ যোৱাৰ বাবে যাতায়তৰ ক্ষেত্ৰত যষ্ঠেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৰাইজৰ ৷ কাকজান , দ - গাঁও , দেৱান গাঁৱৰ বহু আৱাসিক অঞ্চল বাঢ়নী পানীৰ কবলত পৰিছে ৷ নিশা পানী দ্ৰুত গতিত বাঢ়ি অহাৰ বাবে SDRF বাঢ়িনীয়ে উদ্ধাৰ অভিযান চলাই কেইবাটাও পৰিয়ালক নিৰাপদ স্থানলৈ আনে ৷

চক্ৰ বিষয়া দেৱাহুতি ডেকাৰ তৎপৰতাত বানপীড়িত লোকসকলক বৰ্তমান এটি শিবিৰত ৰখা হৈছে ৷ ইফালে শিবিৰত খোৱা-বোৱাৰ সু-ব্যৱস্থা কৰিছে যদিও এই অঞ্চলৰ খেতি-পথাৰ তথা গৰু-ছাগলী , মৎস্য আদিক জীৱিকা হিচাপে লোৱা পৰিয়ালসমূহে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ এই শিবিৰটোত বৰ্তমান 251 গৰাকী বানাক্ৰান্ত আছে বুলি জানিবলৈ দিছে প্ৰশাসনে ৷

আনহাতে পুঠি নদীৰ বাঢ়নী পানীত ৰাজৈ আাখৈদিছা , বলমা দুৱাৰা গাঁও,মুদৈজান ভৰলুৱা গাঁও, মুদৈজান চাহ বাগিচা, ন-পাম গোহাঁই গাঁও, বুধুবাৰী, জামুগুৰি আদিকে ধৰি প্ৰায় পোন্ধৰখন গাঁও জলমগ্ন হৈ আছে ৷ নষ্ট হৈছে খেতি, পানীৰ তলত বুৰ গৈছে কৃষকৰ কঠীয়া ৷ পুঠি নদীৰ ৰিং বান্ধ ভঙাৰ বাবেই বাঢ়নী পানীয়ে অধিক ক্ষতিগ্ৰস্ত কৰিছে ৰাইজৰ ৷

আনহাতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে পথাচাৰীকে ধৰি যাত্ৰীসকলৰ ৷ কাকজান , দ - গাঁও , দেৱান গাওঁ আদি বিস্তৰ অঞ্চল বাঢ়নী পানীৰ কবলত পৰিছে ৷ পানীত বুৰ যোৱাৰ ফলত দুৰ্ঘটনাৰ আশংকাই দেখা দিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ যদিও নিৰ্মাণকাৰী প্ৰতিষ্ঠানে পানী বঢ়াৰ পাছত হ’লেও সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিছে কিন্তু এতিয়ালৈকে প্ৰশাসনৰ লোক আহি উপস্থিত হোৱা নাই পানীত বুৰ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷

উল্লেখযোগ্য যে, পথ নিৰ্মাণকাৰী সন্থাসমূহৰ মইমতালিৰ বাবেই এইদৰে 9 বছৰেও এই পথছোৱা সম্পূৰ্ণ হৈ উঠা নাই ৷ যাৰ ফলত এজাক বৰষুণ দিলেই এইদৰে পথৰ ওপৰত পানী উপচি আৰু ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হয় ৷ ইফালে নিৰ্মাণৰ সৈতে জড়িত ঠিকাদাৰী প্ৰতিস্থানসমূহে কেৱল পাল মাৰি কাম কৰি দিন পাৰ কৰাৰ ফলত তথা ৰাইজৰ সৈতে কোনো আলোচনা নকৰি কেৱল টকাৰ অংকত নিৰ্দিষ্ট স্থানত মাটি-শিল-বালি পেলাই পথৰ কাম চলাইছে বুলি অভিযোগ তুলিছে স্থানীয় ক্ষোভিত ৰাইজে ৷ সেয়ে অনতি পলমে এই পথছোৱা বিজ্ঞানসন্মতভাৱে শীঘ্ৰেই মেৰামতি কৰি যাতায়তৰ সুচল কৰি দিবলৈ চৰকাৰক আহ্বান এইসকল বানবিধস্ত ৰাইজৰ ৷

লগতে পঢ়ক:Flood washed away a culvert:নাৰায়ণপুৰৰ শিমলুগুৰিত ভঙা কালভাৰ্টে জ্বলা-কলা খুৱাইছে ৰাইজক

ABOUT THE AUTHOR

...view details