যোৰহাট, ২২ জুন: বৰ্তমান ৰাজ্য চৰকাৰে ক'ভিডৰ সংক্ৰমণৰ পৰা ৰাইজক ৰক্ষা কৰাৰ বাবে টীকাকৰণ সম্পূৰ্ণৰূপে সফল কৰাৰ চেষ্টা চলাইছে । জিলাই জিলাই টীকাকৰণ সম্পন্ন হোৱাতো সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অভিভাৱক মন্ত্ৰীসকলক টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শনৰো পৰামৰ্শ দিছে । ইয়াৰ পিছতো বহু লোকে প্ৰতিষেধকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । ভেকচিন স্লট বুক কৰাতো অসুবিধাৰ সৃষ্টি হৈছে ।
অৱশ্যে আজিৰে পৰা টীকাকৰণ কেন্দ্ৰতে পঞ্জীয়ন কৰি প্ৰতিষেধক গ্ৰহণ কৰাৰ অনুমতি দিয়া হৈছে । এনে সময়তে সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(AJYCP) । যোৰহাটৰ নাওবৈছা গাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ সহযোগত মঙলবাৰে ৪৫ উৰ্দ্ধৰ লোকক সফলভাৱে প্ৰতিষেধক প্ৰদান কৰা হয় ।
যোৰহাটত AJYCPৰ উদ্যোগত টীকাকৰণ শিবিৰ আনহাতে, এই সম্পূৰ্ণ টীকাকৰণ অভিযানত গাঁও পঞ্চায়তে আগ ভাগ ল'ব লাগে যদিও এতিয়া গাঁৱৰ ৰাইজৰ কাষত এনেদৰে জাতীয় দল-সংগঠনেহে আগবঢ়িব আহিবলগীয়া হৈছে । যি কি নহওক, গাঁৱৰ সাধাৰণ ৰাইজে সংগঠনটোৰ তৎপৰতাত প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হয় ।
ৰাজ্যৰ প্ৰতিখন জিলাতে মুখ্যমন্ত্ৰীৰ বৰ্ধিত টীকাকৰণ কাৰ্যসূচীৰ অধীনত ক'ভিডৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । সমান্তৰালকৈ প্ৰতিষেধক গ্ৰহণৰ বাবে ৰাইজক আগবাঢ়ি আহিবলৈ চৰকাৰে আহ্বান জনাইছে । বিভাগীয় মন্ত্ৰীয়ে টীকাকৰণ অভিযানৰ বিষয়ে বুজ লোৱাৰ বাবে কেন্দ্ৰবোৰ পৰিদৰ্শন কৰা দেখা গৈছে ।
যোৰহাটত AJYCPৰ উদ্যোগত টীকাকৰণ শিবিৰ বিশেষকৈ সংক্ৰমণ সৰ্বাধিক হৈ থকা জিলাসমূহত টীকাকৰণ সফলভাৱে সম্পন্ন কৰাত গুৰুত্ব দিয়া হৈছে । স্বাস্থ্য কৰ্মীসকলেও টীকাকৰণ অভিযান সফল কৰিবলৈ সুচাৰুৰূপে কৰ্তব্য পালন কৰিছে । এই ক্ষেত্ৰত দল-সংগঠনসমূহেও ৰাইজক সজাগ কৰা পৰিলক্ষিত হৈছে ।
সম্ভাৱ্য তৃতীয় ঢৌৰ পূৰ্বে ১৮ বছৰৰ উৰ্ধ্বৰ সকলো লোকৰে টীকাকৰণ সম্পন্ন কৰিবলৈ চৰকাৰে পৰিকল্পনা কৰিছে । কিয়নো ক'ভিডৰ দ্বাৰা সংক্ৰমিত হ'লেও প্ৰতিষেধক গ্ৰহণ কৰিলে হাওঁফাওঁক ভাইৰাছে অধিক প্ৰভাৱিত কৰিব নোৱাৰে বুলি চিকিৎসকসকলে জানিবলৈ দিছে । সেয়ে, চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে অধিক সংখ্যক লোকক প্ৰতিষেধক প্ৰদান কৰাত গুৰুত্ব দিছে ।
লগতে পঢ়ক:সমষ্টিৰ বান-খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ