যোৰহাট, 12 জুন:শনিবাৰৰ পৰা যোৰহাটত দুদিনীয়া কাৰ্যসূচীৰে টীকাকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । যোৰহাটৰ শিল্পী আৰু শিল্পীসকলৰ পৰিয়ালক সামৰি ক’ভিডৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । যোৰহাট থিয়েটাৰ হ'লৰ প্ৰাংগণত প্ৰতিষেধক প্ৰদানৰ আয়োজন কৰা হৈছে ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সকলো ৰাইজক প্ৰতিষেধক ল'বলৈ আহ্বান জনাইছে মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে ।
যোৰহাটত শিল্পী সমাজক ক'ভিড প্ৰতিষেধক প্ৰদান - ক'ভিড প্ৰতিষেধক
দুটা দিনত ভেকচিন ৪০০ শিল্পী, কলা-কুশলীক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য ৷ জিলাখনৰ ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ শিল্পী, কলা-কুশলীসকলক সামৰি গ্ৰহণ কৰা হৈছে এই টীকাকৰণ কাৰ্যসূচী ৷
যোৰহাটত শিল্পী সমাজক ভেকচিন প্ৰদান
অসমৰ চলচ্চিত্ৰ সমাজৰ উদ্যোগত অসম চৰকাৰৰ জাতীয় স্বাস্থ্য মিচন, স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ সৌজন্যত আৰু যোৰহাট থিয়েটাৰ সহযোগত জিলাখনৰ ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ শিল্পী, কলা-কুশলীসকলক সামৰি টীকাকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ উল্লেখ্য যে, জিলা উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু স্বাস্থ্য বিভাগৰ এটা দলেও উপস্থিত হৈ টীকাকৰণৰ কাৰ্যসূচী পৰ্যবেক্ষণ কৰে ৷
লগতে পঢ়ক:টিংখাং ব্লক কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ