অসম

assam

ETV Bharat / state

যোৰহাটত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সংক্ৰান্তীয় সভা - Deori Autonomous Council election

অহা ২৬ ছেপ্টেম্বৰত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্ণাঙ্গ ভোটাৰ তালিকা প্ৰকাশ পাব ৷ তাৰ পূৰ্বে শুকুৰবাৰে উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা (DAC election related meeting)। সভাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত ।

DAC
যোৰহাটত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সংক্ৰান্তীয় সভা

By

Published : Aug 26, 2022, 7:48 PM IST

যোৰহাট,২৬ আগষ্ট : আহি থকা দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ বিশেষ তৎপৰতা আৰম্ভ হৈছে । দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ১ নং সমষ্টি যোৰহাটৰ নিৰ্বাচনক (Deori Autonomous Council election) লৈ প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে । নিৰ্বাচন সন্দৰ্ভত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যোৰহাট জিলা প্ৰশাসনে ।

যোৰহাটত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সংক্ৰান্তীয় সভা

ইয়াৰ মাজতে শুকুৰবাৰে উপায়ুক্তৰ কাৰ্যালয়ত যোৰহাটৰ ৰিটাৰ্নিং বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ সভাপতিত্বত সকলো ৰাজনৈতিক দলৰ বিষয়ববীয়াৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় (DAC election related meeting)৷ সভাত পৰিষদৰ আগন্তুক নিৰ্বাচনৰ বাবে আনুষ্ঠানিকভাৱে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ৷ প্ৰশাসনে জনোৱা মতে সংশ্লিষ্ট এলেকাৰ ইচ্ছুক ভোটাৰসকলে নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে যিকোনো দাবী বা আপত্তি থাকিলে অহা ১২ ছেপ্টেম্বৰৰ ভিতৰত পশ্চিম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু ঢেকৰগঢ়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত গৈ নিষ্পত্তি কৰিব পাৰিব ৷ উক্ত তাৰিখৰ পাছত ভোটাৰ তালিকা সম্পৰ্কীয় কোনো আপত্তি গ্ৰহণ কৰা নহ'ব বুলিও অতিৰিক্ত উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

যোৰহাটত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সংক্ৰান্তীয় সভা

উল্লেখ্য যে অহা ২৬ ছেপ্টেম্বৰত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্ণাঙ্গ ভোটাৰ তালিকা প্ৰকাশ পাব ৷ শুকুৰবাৰে অনুষ্ঠিত সভাত পশ্চিম ৰাজহ চক্ৰ বিষয়া পল্লৱ জ্যোতি দাস, ঢেকৰগঢ়া উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ সদস্য কেশৱ দেউৰীৰ লগতে ৰাজনৈতিক দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :কংগ্ৰেছ এৰি বিজেপিলৈ নাযায় অংকিতা দত্ত

ABOUT THE AUTHOR

...view details