অসম

assam

ETV Bharat / state

যোৰহাটৰ এ এছ টি চি বাছ আস্থানৰ পুখুৰীসদৃশ ৰূপ, যাত্ৰী-চালকৰ হাৰাশাস্তি

যোৰহাটৰ এ এছ টি চি বাছ আস্থানত কেৱল বোকা আৰু পানী ৷ যান-বাহন ৰখোৱাৰ বাবে এতিয়া বাছ আস্থানটোত উপযুক্ত স্থানৰ অভাৱ ৷ এইটো আস্থানৰ পৰা মেজিক,বাছ চলাচল কৰে দেৰগাঁও, তিতাবৰ, টীয়ককে ধৰি বিভিন্ন অঞ্চললৈ

যোৰহাটৰ এ এছ টি চি বাছ আস্থানৰ পুখুৰীসদৃশ ৰূপ

By

Published : May 20, 2019, 12:57 PM IST

যোৰহাট, 20 মে’: পুখুৰী সদৃশ হৈ পৰিছে যোৰহাটৰ এ এছ টি চি বাছ আস্থান ৷ বাছ আস্থানটোত কেৱল বোকা আৰু পানী ৷ যান-বাহন ৰখোৱাৰ বাবে এতিয়া বাছ আস্থানটোত উপযুক্ত স্থানৰ অভাৱ ৷ অসম ৰাজ্যিক পৰিবহন বিভাগৰ এই আস্থানটোৰ পৰাই জিলাখনৰ দেৰগাঁও,তিতাবৰ, টীয়ককে ধৰি বিভিন্ন অঞ্চললৈ মেজিক,বাছ আদি চলাচল কৰে। কিন্তু যোৰহাটৰ নগৰৰ মাজ মজিয়াত অৱস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা আস্থানটোত পুখুৰী সদৃশ গাত আৰু বোকা-পানীৰে পৰিপূৰ্ণ হৈ থকাত বাহন চলাচল কৰিবলৈ ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ৷ আনহাতে,নিয়মীয়াকৈ মাচুল সংগ্ৰহ কৰাৰ পাচতো কৰ্তৃপক্ষই যাত্ৰীসকলৰ সুবিধা হোৱাকৈ আস্থানটো নিৰ্মাণ নকৰাৰ অভিযোগ একাংশৰ ৷

যোৰহাটৰ এ এছ টি চি বাছ আস্থানৰ পুখুৰীসদৃশ ৰূপ

ABOUT THE AUTHOR

...view details