যোৰহাট, 16 জুলাই : মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ লোকে সকলো সময়তে চেষ্টা অব্যাহত ৰখাৰ পিচতো ৰোধ কৰিব পৰা নাই গণ সক্ৰমণ ৷ প্ৰতিদিনেই বৃদ্ধি পাই আহিছে আক্ৰান্ত ৰোগীৰ সংখ্য়া ৷
যোৰহাট জিলাতো কৰ'ণা ভাইৰাছ গণ সংক্ৰমণৰ ফালে গতি কৰিছে ৷ ইতিমধ্যে,জিলাখনত ৫১৩ জন লোক ক'ভিড ৰোগত আক্রান্ত হোৱাৰ উপৰিও বৃহস্পতিবাৰৰ দিনটোতেই শতাধিকৰ ঘৰ অতিক্ৰম কৰাৰ তথ্য আহি পৰিছে ।
আনহাতে,বৃহস্পতিবাৰে যোৰহাটৰ ৰজামৈদায়ৰ কালিস্থানত ১৫ জনকৈ লোকৰ দেহত ক'ভিড পজিটিভ পোৱাৰ পিচতেই ক'ভিড ৰোগত আক্ৰান্ত লোকসকলে চিকিৎসালয়লৈ যাবলৈ অস্বীকাৰ কৰাৰ বাবে এক প্ৰকাৰৰ অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। জানিব পৰা মতে,পুৱাৰ পৰাই আশাকৰ্মী সকলে চেষ্টা কৰিও চিকিৎসালয়লৈ নিবলৈ সক্ষম নোহোৱাত কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰা কালিস্থান অঞ্চলত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হ'ব লগা হৈছে ৷