অসম

assam

ETV Bharat / state

আনলকৰ দিশে আগবাঢ়িছে যোৰহাট জিলা - জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জি কৰাটি

মঙলবাৰৰ পৰা এন আই ডি আৰু তিতাবৰ চিভিল হাস্পতাল ক'ভিড হাস্পতাললৈ ৰূপান্তৰিত কৰা হৈছে বুলি অৱগত কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷ ইফালে জিলাখনৰ অস্থায়ী ক'ভিড হাস্পতাল ১০ দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লগতে হাস্পতালখনত ৩০০ ৰোগীৰ সেৱা কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে জিলা উপায়ুক্তই ৷

Jorhat
যোৰহাট জিলা

By

Published : Jul 21, 2020, 5:09 PM IST

যোৰহাট, 21 জুলাই : পুনৰ আনলকৰ দিশে আগবাঢ়িছে যোৰহাট জিলা ৷ বৃহস্পতিবাৰে যোৰহাটত আনলক প্ৰক্ৰিয়া কাৰ্যকৰী হ'ব ৷ মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি আনলক সন্দৰ্ভত তথ্য প্ৰকাশ কৰে জিলা উপায়ুক্তই ৷ আনলকৰ বাবে বহু ক্ষেত্ৰতে শিথিলতাৰ পোষকতা কৰিছে যদিও বহু ক্ষেত্ৰত নতুন নীতি-নিয়মো ঘোষণা কৰিছে জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জি কৰাটিয়ে ৷ যোৰহাটত কৰ'ণাৰ A লক্ষণৰ ৰোগীক হোম আইছ'লেশ্যন দিয়া হৈছে ৷ ইতিমধ্যে ২২ জনকৈ লোকক হোম আইছ'লেশ্যন দিয়া বুলি অৱগত কৰিছে জিলা উপায়ুক্তগৰাকীয়ে ৷

ৰশ্মি অপৰাঞ্জি কৰাটি

লগতে পঢ়কঃ মুখ্যমন্ত্ৰী সোণোৱালক উভতি ধৰিলে ৰিপুণ বৰাই

লগতে গুৱাহাটীৰ সমান্তৰালকৈ যোৰহাটতো বজাৰৰ এফালে থকা দোকানসমূহ প্ৰথম দিনা আৰু বিপৰীতে থকা দোকান-পোহাৰ সমূহ দ্বিতীয় দিনা মুকলি কৰাৰ পৰামৰ্শ প্ৰশাসনৰ ৷ ইয়াৰোপৰি মঙলবাৰৰ পৰা এন আই ডি আৰু তিতাবৰ চিভিল হাস্পতাল ক'ভিড হাস্পতাললৈ ৰূপান্তৰিত কৰা হৈছে বুলি অৱগত কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷ ইফালে জিলাখনৰ অস্থায়ী ক'ভিড হাস্পতাল ১০ দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লগতে হাস্পতালখনত ৩০০ ৰোগীৰ সেৱা কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে জিলা উপায়ুক্তই ৷

ৰশ্মি অপৰাঞ্জি কৰাটি

ইয়াৰোপৰি ৰাজহুৱা বাহনেৰে দূৰ যাত্ৰা কৰিব লাগিব ৷ এই ক্ষেত্ৰত ব্যক্তিগত বাহন ব্যৱহাৰ কৰিব নোৱিৰব। আনলকৰ সময়ছোৱাত বাহনৰ ক্ষেত্ৰত থকা পূৰ্বৰ যুগ্ম অযুগ্ম সংখ্যা প্ৰযোজ্য নহয়। লগতে মুখত মাস্ক,সামাজিক দুৰত্ব বাধ্যতামূলক বুলি মঙলবাৰে সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰে যোৰহাট জিলা উপায়ুক্ত ৰশ্মি অপাৰেন্জী কৰাটিয়ে ৷ ইতিমধ্যে যোৰহাটৰ ১৩ খনকৈ ব্যক্তিগত নাৰ্ছিং হোমৰ সৈতে জিলা প্ৰশাসনৰ লগত এম অ ইউ হৈছে ,যাৰ ফলত উক্ত নাৰ্ছিং হোমত ক'ভিডৰ বাহিৰে আন আন ৰোগৰ চিকিৎসা ব্যৱস্থা কৰিব পাৰিব।

ABOUT THE AUTHOR

...view details