যোৰহাট, ২১ জুলাই : বিশ্বৰ উন্নত দেশসমুহৰ তুলনাত উন্নয়নশীল দেশসমুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি (Developing countries higher population growth rate)। উন্নয়নশীল দেশসমুহেও পূৰ্বৰ তুলনাত জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছে । তথাপিও পৰিবেশকেন্দ্ৰিক দৃষ্টিভংগীৰে সমগ্ৰ বিষয়টোত নতুন ধৰণেৰে চিন্তা-চৰ্চা আৰম্ভ হৈছে । যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ উদ্যোগত অনুষ্ঠিত বিশেষ বক্তৃতানুষ্ঠানত এই মত ব্যক্ত কৰে ফ্লিণ্ডাৰ্ছ ইউনিভাৰ্ছিটী অষ্ট্ৰেলিয়াৰ সহযোগী অধ্যাপক উদয় শইকীয়াই (Associate Professor Flindars University Australia Uday Saikia) ।
আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি আয়োজন কৰা 'বিশ্বৰ জনসংখ্যা বৃদ্ধি আৰু পৰিবেশ' (special lecture on World Population Growth and Environment) শীৰ্ষক বিষয়ত বক্তব্যত ড° শইকীয়াই লগতে কয় যে, জনসংখ্যাৰ হাৰৰ সমান্তৰালভাৱে পৰিবেশৰ ভাৰসাম্য কেনেকৈ ৰক্ষা কৰিব পৰা যায় সেই দিশত নিত্যনতুন চিন্তা-চৰ্চা চলি আছে । জনসংখ্যাৰ হাৰ কম হোৱা দেশেও সামগ্ৰিকভাৱে আগবাঢ়ি বিশ্বৰ প্ৰেক্ষাপটত স্থান লাভ কৰিছে যদিও জনসংখ্যাৰ হাৰ বেছি হোৱা দেশেও অগ্ৰগামী চৰিত্ৰ দেখুৱাব পৰা নাই ।
তেওঁ লগতে কয় যে, নগৰীকৰণৰ দ্ৰুত বৃদ্ধি আৰু খাদ্য সুৰক্ষা তথা জীৱনৰ নিৰাপত্তাৰ দিশবোৰো এই দিশত প্ৰাসংগিক । কিন্তু পৰিবেশ অৱক্ষয়ৰ বাবে জনসংখ্যা বৃদ্ধিৰ হাৰক দোষাৰোপ কৰা উচিত নহয় ।