যোৰহাট, 27 আগষ্টঃ "গাড়ী লাহে লাহে চলাব ,আগত কাম কৰি আছে" সাধাৰণতে দেখা পোৱা এই ধৰণৰ বেনাৰ সমূহ গড়কাপ্তানি বিভাগৰ ৷ কিন্তু মঙলবাৰে যোৰহাটত যুৱ ছাত্ৰ পৰিষদে এই বেনাৰ লৈ দলং মেৰামতি কৰি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ জৰাজীৰ্ণ পথ মেৰামতি কৰাৰ দাবীত যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুকলি কৰা 11 কোটি টকীয়া ভোগদৈ নদীৰ ওপৰত থকা দলংখনৰ ওপৰ ভাগ এতিয়া বখলা বখলে এৰি গৈছে৷
যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ ব্যতিক্ৰমী প্ৰতিবাদ - যোৰহাট
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুকলি কৰা 11 কোটি টকীয়া ভোগদৈ নদীৰ ওপৰত থকা দলঙখনৰ ওপৰ ভাগ এতিয়া বখলা বখলে এৰি গৈছে ৷
যুৱ ছাত্ৰ পৰিষদৰ ব্যতিক্ৰমী প্ৰতিবাদ
পাঁচ বছৰ সম্পূৰ্ণ নহওঁতেই তৰপে তৰপে এৰিছে দলংখনৰ ওপৰভাগ ।যাৰ ফলত দলঙখন যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে৷ অভিযোগ অনুসৰি নিৰ্মাণৰ সময়ত নিম্মমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই এনেদৰে তৰপে তৰপে এৰিছেব্লেক টপিং। সেয়ে যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট যুৱ ছাত্ৰ পৰিষদে ভোগদৈৰ দলঙৰ পকী তৰপ মেৰামতি কৰি অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷