অসম

assam

ETV Bharat / state

বিবাহথলীত ৰক্তদান...কিন্তু কিয় ! - যোৰহাট

বিবাহস্থলীত ৰক্তদান । কেৱল দৰাই নহয়, বিবাহ অনুষ্ঠানত থকা আন বহু লোকে কৰিলে ৰক্তদান । যুগ্ম জীৱনৰ পাতনি মেলিবলৈ লোৱা দিনটোতে ৰক্তৰ অভাৱত ভোগা ৰোগীৰ সহায়ৰ বাবে এই মহান পদক্ষেপ গ্ৰহণ কৰিলে 'টীম হিউমেনিটি'ৰ কেন্দ্ৰীয় সম্পাদক দিব্যজ্যোতি কলিতাই ।

বিবাহথলীত ৰক্তদান
বিবাহথলীত ৰক্তদান

By

Published : Mar 13, 2021, 8:01 PM IST

যোৰহাট,১৩ মাৰ্চ: যোৰহাটত অনুষ্ঠিত হ'ল এখন ব্যতিক্ৰমী বিয়া । বিবাহস্থলীত আয়োজন কৰা হ'ল ৰক্তদান শিবিৰ । দৰাচলতে দৰা দিব্যজ্যোতি কলিতা 'টীম হিউমেনিটি' নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ কেন্দ্ৰীয় সম্পাদক । এই স্বেচ্ছাসেৱী সংগঠনটোৰ পঞ্চম বৰ্ষপূৰ্তিৰ অনুষ্ঠানত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে, বিবাহৰ উপযোগী সদস্যসকলে বিয়াত ৰক্তদান শিবিৰৰ আয়োজন কৰিব ।

যোৰহাটৰ বিবাহস্থলীত ৰক্তদান শিবিৰৰ আয়োজন

সেই অনুসৰি, চিকিৎসাৰ সময়ত ৰক্তৰ অভাৱত ভোগা ৰোগীক সহায় কৰাৰ উদ্দেশ্য এই পদক্ষেপ গ্ৰহণ কৰে 'টীম হিউমেনিটি'ৰ কেন্দ্ৰীয় সম্পাদক তথা দৰা দিব্যজ্যোতি কলিতাই । কলিতাই বৰ্তমানলৈকে ৩৬ বাৰ ৰক্তদান কৰিছে । উল্লেখ্য যে, ৰক্তদানৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিয়াৰ দিনা এই পদক্ষেপ গ্ৰহণ কৰে দিব্যজ্যোতিয়ে ।

লগতে পঢ়ক: CAA বাতিলৰ দাবীত আছুৰ বাইক ৰেলী

ABOUT THE AUTHOR

...view details