অসম

assam

ETV Bharat / state

আঁঠু কাঢ়ি বেংকৰ মেনেজাৰক কি আহ্বান জনালে ৰূপজ্যোতি কুৰ্মীয়ে ?

বেংক কৰ্তৃপক্ষই চৰকাৰী আঁচনিৰ ধন হিতাধিকাৰীক প্ৰদান নকৰাত ক্ষুদ্ধ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । সোমবাৰে পঞ্জাৱ নেশ্যনেল বেংকৰ যোৰহাটৰ গড়আলিস্থিত শাখাৰ কাৰ্যালয়ত উপস্থিত হ'ল বিধায়কগৰাকী । বেংকৰ মেনেজাৰক গামোচা পিন্ধাই, আঁঠু কাঢ়ি ধন মোকলাই দিবলৈ আহ্বান জনালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

বেংক কৰ্তৃপক্ষই চৰকাৰী আঁচনিৰ ধন হিতাধিকাৰীক প্ৰদান নকৰাত ক্ষুদ্ধ ৰূপজ্যোতি কুৰ্মী
বেংক কৰ্তৃপক্ষই চৰকাৰী আঁচনিৰ ধন হিতাধিকাৰীক প্ৰদান নকৰাত ক্ষুদ্ধ ৰূপজ্যোতি কুৰ্মী

By

Published : Feb 22, 2021, 11:03 PM IST

যোৰহাট, ২২ ফেব্ৰুৱাৰী: সমষ্টিবাসীৰ সমস্যা সমাধানৰ স্বাৰ্থত পুনৰ ব্যতিক্ৰমী ধৰণেৰে ক্ষোভ উজাৰিলে যোৰহাটৰ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । এইবাৰ ব্যক্তিগত খণ্ডৰ বেংকৰ কাৰ্যত ক্ষুণ্ণ হ'ল বিধায়গৰাকী । বিগত ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষৰ বিধায়ক পুঁজিৰ লগতে বহুকেইখন আঁচনিৰ ধন উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মোকলাই দিয়াৰ নিৰ্দেশ পিছতো পঞ্জাৱ নেশ্যনেল বেংকৰ যোৰহাটৰ গড়আলিস্থিত শাখাৰ কাৰ্যালয়ে আজি পৰ্যন্ত হিতাধিকাৰীক প্ৰদান কৰা নাই ।

বেংক কৰ্তৃপক্ষই চৰকাৰী আঁচনিৰ ধন হিতাধিকাৰীক প্ৰদান নকৰাত ক্ষুদ্ধ ৰূপজ্যোতি কুৰ্মী

সোমবাৰে পঞ্জাৱ নেশ্যনেল বেংকৰ কাৰ্যালয়ত উপস্থিত হয় বিধায়ক ৰূপজ্যোতি কুৰ্মী । তেওঁ বেংকৰ মেনেজাৰক গামোচা পিন্ধাই, আঁঠু কাঢ়ি ধন মোকলাই দিবলৈ আহ্বান জনায় । আনহাতে, সুতৰ লালসাত বেংক কৰ্তৃপক্ষই ধনখিনি হিতাধিকাৰীক প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে । নিৰ্বাচনী অধিসূচনা জাৰি কৰিলে আঁচনিৰ সুবিধা লাভৰ পৰা মৰিয়নীৰ হিতাধিকাৰীসকল বঞ্চিত হৈ পৰিব বুলি চিন্তিত হৈ পৰিছে বিধায়ক কুৰ্মী ।

সেয়ে, বেংক কৰ্তৃপক্ষৰ হেমাহিৰ প্ৰতিবাদ হিচাপে মেনেজাৰক গামোচা পিন্ধাই সম্বৰ্ধনা জনোৱাৰ লগতে দুই-এদিনৰ ভিতৰতে আঁচনিৰ ধন হিতাধিকাৰীক প্ৰদান কৰিবলৈ আহ্বান জনায় । লগতে হিতাধিকাৰীয়ে ধন লাভ কৰিছে নে নাই সেই কথা চৰকাৰে সুনিশ্চিত নকৰাৰ অভিযোগ তুলি বিজেপি চৰকাৰক সমালোচনা কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

লগতে পঢ়ক:মূল্যবৃদ্ধি ৰোধৰ দাবীত ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details