টীয়ক, 03 জুন : উন্নয়ন আৰু বিকাশ, এজাৰগুৰিবাসীৰ বাবে এটা বৃহৎ স্বপ্ন মাথো ৷ যোৰহাট জিলাৰ এজাৰগুৰিবাসীয়ে প্ৰতি বৰ্ষৰ দৰে এইবেলিও খৰালি ইপাৰ সিপাৰ হ'বলৈ এখন বাঁহৰ দলং সাজি লৈছিল ৷ কিন্তু বাৰিষাৰ আগমনৰ লগে লগে জাঁজীৰ প্ৰৱল সোঁতত উটি-ভাঁহি গ'ল দলঙখন ৷
টীয়কৰ এজাৰগুৰিবাসীৰ বাবে বিকাশ কেৱল এঠা সপোনহে
এখন পকী দলঙৰ সপোন দেখুৱাই ৰাজনৈতিক নেতা-পালিনেতা নিৰ্বাচনৰ সময়ত প্ৰায়ে এজাৰগুৰি পাইগৈ ৷ নিৰ্বাচন যায় আৰু আহে কিন্তু এজাৰগুৰি যেন আগৰ গতিতে থাকে ৷ নতুন প্ৰতিনিধিক লৈ আশাবাদী গাঁওবাসী ৷
এতিয়া গাঁওবাসীৰ বাবে যাতায়তৰ সম্বল মাথো এখন টুলুঙা নাঁও ৷ বিপদ সংকুলভাৱে বাৰিষা নাৱেৰে যাত্ৰা কৰা জনতাই অতি শংকাৰ মাজেৰে দুৰ্দশাময় পৰিস্থিতিৰে জীৱন কটাবলগীয়া হৈছে ৷ ইপিনে দুখ আৰু ক্ষোভেৰে জৰ্জৰিত জনতাৰ আৰ্তনাদ শুনিবলৈ জনপ্ৰতিনিধিৰ আহৰি নোহোৱাৰ অভিযোগ গাঁওবাসীৰ ৷ স্বাধীনতাৰ 72টা বছৰৰ পাচতো যোগাযোগ ব্যৱস্থাৰ একো উন্নতি নোহোৱাত ক্ষোভ আৰু অভিমানত আৱেগিক হৈ পৰা জনতাৰ আৰ্তনাদ সময়ে সময়ে সংবাদ মাধ্যমে প্ৰচাৰ কৰি আহিছে যদিও আজি পৰ্যন্ত ৰজাঘৰীয়াৰ গুৰুত্ব নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে অলপতে যোৰহাট লোকসভা সমষ্টিত নতুনকৈ সাংসদ নিৰ্বাচিত হৈছে ৷ সেয়ে এইবাৰ কিবা এটা হোৱাৰ আশা দেখিছে গাঁওবাসীয়ে ৷