যোৰহাট, 1 নৱেম্বৰ: যোৰহাটত পুনৰ সক্ৰিয় হৈ উঠাৰ সন্দেহ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা) । শুকুৰবাৰে যোৰহাট জিলা উপায়ুক্তৰ আৱাস গৃহৰ সন্মুখৰ এখন দেৱালত দেখা পোৱা গ’ল আলফা (স্বা) ৰ প’ষ্টাৰ ৷ এই ঘটনাৰ পাচতেই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ জিলাখনত । শুকুৰবাৰে সন্ধিয়া কোনো লোকে যোৰহাট জিলা উপায়ুক্তৰ আৱস গৃহৰ সমীপৰ এখন দেৱালখনত লগাই থৈ যায় নিষিদ্ধ ঘোষিত সংগঠনটোৰ প’ষ্টাৰ ৷
উপায়ুক্তৰ আৱাসগৃহৰ সমীপত আলফা স্বাধীনৰ প'ষ্টাৰ - আলফাৰ প’ষ্টাৰকলৈ চাঞ্চল্য যোৰহাটত
যোৰহাট জিলা উপায়ুক্তৰ আৱাস গৃহৰ সমীপত আলফাৰ প’ষ্টাৰ । আলফাৰ প’ষ্টাৰক লৈ চাঞ্চল্য যোৰহাটত ৷ পুনৰ সক্ৰিয় হৈ উঠিছে নেকি নিষিদ্ধ ঘোষিত সংগঠনটো ৷
আলফাৰ প’ষ্টাৰকলৈ চাঞ্চল্য যোৰহাটত
আৰক্ষীক খবৰ দিয়াত পিচত ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ প’ষ্টাৰ কেইখন ফালি পেলায় । আৰক্ষীয়ে সমগ্ৰ ঘটনাটো আলফা(স্বা)ৰ পৰিৱৰ্তে কোনো দুষ্ট লোকে সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে । ইপিনে আৰক্ষীয়ে প্ৰাৰম্ভিক তন্দত এই প’ষ্টাৰসমূহ কোনো কিতাপৰ পৰা স্কেন কৰি লগোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তীব্ৰ অভিযান আৰম্ভ কৰিছে যোৰহাট আৰক্ষীয়ে ।
- লগতে চাওক-আৰম্ভ হ'ল 21 সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা