যোৰহাট, 26 মাৰ্চ : ‘‘অসম ধান খেতিৰ বাবে অতিকে সম্ভাৱনাপূৰ্ণ এক ক্ষেত্ৰ ৷ এই ক্ষেত্ৰখনত সঠিক পৰিকল্পনাৰে আগবাঢ়িলে ধানৰ দিশত অতি উন্নতি লাভ কৰিব পৰা যাব ৷ সেয়ে আমাৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে অনাগত দিনত অসমত ধান খেতি আৰু ধান গৱেষণাৰ দিশত সহযোগিতাৰে অধিক কাম কৰিবলৈ আগবাঢ়ি অহাৰ পৰিকল্পনা আছে । শনিবাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰিদৰ্শন কৰি এই মন্তব্য কৰে ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান(ইৰি)ৰ প্ৰতিষ্ঠানিক সেৱা আৰু ব্যৱস্থাপনা বিভাগৰ উপ সঞ্চালক প্ৰধান উলা ফাজবিয়ে (Ula Fazbi in Jorhat) ৷
তথ্য অনুসৰি, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটোৰ পাঁচজনীয়া প্ৰতিনিধি দলৰ সৈতে অসম কৃষি বিশ্ববিদ্যালয়লৈ অহা উপ সঞ্চালকজনে বিশ্ববিদ্যালয়ত এক উচ্চস্তৰীয় আলোচনাত মিলিত হয় । এই সভাতে অসমত ধানখেতিৰ সম্ভাৱনা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ দৃষ্টিভংগীৰ তথা অসমত সাম্প্ৰতিক সময়ত কৰণীয় সম্পৰ্কে আলোচনা কৰে ।
বিশেষকৈ কৃষি শিক্ষা আৰু গৱেষণাৰ দিশত অসম কৃষি বিশ্ববিদ্যালয় আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে সহযোগিতাৰে অধিক কাম কৰাৰ বিষয়ত সহমত পোষণ কৰে । অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (এপাৰ্ট)ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ নডেল অফিচাৰ ড৹ ৰূপম বৰগোহাঁইয়ে আঁতধৰা সভাখনত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই বক্তব্যত বিশ্ববিদ্যালয়ে অসমৰ জলবায়ু লগত খাপ খোৱাকৈ বিভিন্ন ধানৰ জাত উদ্ভাৱন কৰাৰ বিষয়ে প্ৰকাশ কৰে ৷
লগতে এই জাতসমূহে অসমৰ সামগ্ৰিক কৃষিক্ষেত্ৰৰ মান উন্নত কৰি অসমৰ কৃষকৰ জীৱন জীৱিকাৰ মান উন্নয়নত কেনেদৰে সহায় কৰিছে সেই সম্পৰ্কেও বাখ্যা আগবঢ়ায় । অসমৰ সামগ্ৰিক জীৱন চৰ্যাক নিয়ন্ত্ৰণ কৰা অসমৰ প্ৰধান খাদ্য-শস্য ধানক লৈ বিশ্ববিদ্যালয়ে কৰা সময়োচিত পৰিকল্পনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইৰিৰ সহায় সহযোগ কামনা কৰে ।