যোৰহাট, 3 ফেব্ৰুৱাৰীঃযোৰহাট চহৰৰ নিমাতী ঘাটত বিদেশী পৰ্যটকৰ মৃত্যু ৷ 31 জানুৱাৰীৰ পুৱাই চৰাইদেউ নামৰ পৰ্যটক ফেৰীখনত উদ্ধাৰ হয় গ্ৰেট ব্ৰিটেইনৰ নিউকেচলৰ ৮৩ বছৰীয়া এলিষ্টাৰ নীল মেকডনাল্ডৰ মৃতদেহ ৷ মাজুলী ভ্ৰমণলৈ আহিছিল পৰ্যটকগৰাকী ৷ বাৰ্ধক্যজনিত কাৰণতেই লোকজনে হঠাৎ মৃত্যুক আঁকোৱালি লোৱাৰ সন্দেহ সহযোগী তথা স্থানীয় লোকৰ ৷
কিন্তু নীল মেকডনাল্ডৰ মৃতদেহকলৈ এতিয়া বিমোৰত পৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ ৷ কিয়নো মেকডনাল্ডৰ মৃতদেহ চমজি ল’বৰ বাবে কোনো লোক নথকাত বৰ্তমানেও মৰণোত্তৰ পৰীক্ষা কৰিব পৰা হোৱা নাই মৃত লোকজনৰ ৷ আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অভাৱ মৃতদেহ ৰখাৰ বাবে উপযুক্ত ক'ল্ড ষ্ট'ৰেজ (শীত তাপ)ৰূমৰ ৷ যিটো ক'ল্ড ষ্ট'ৰেজ আছে তাৰো এয়াৰ কুলাৰ বিকল হৈ থকাত সেইয়া থকা নথকা প্ৰায় সমান হৈছে ৷