অসম

assam

ETV Bharat / state

Assam Flood 2023: উজনি-নামনি ৰে’ল সেৱা স্তব্ধ হোৱাৰ আংশকা

অচিৰেই বন্ধ হ’ব পাৰে উজনি-নামনি ৰে’ল সেৱা ? যোৰহাটৰ জিলাৰ মৰিয়নীৰ ভোগদৈ নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে মৰিয়নীৰ এটা বান্ধৰ সুৰক্ষা কৱচ ৷ ফলত ভোগদৈ নদীত থকা উত্তৰ-পূব সীমান্তৰ ৰে’লৱেৰ দলংখনলৈ চৰম ভাবুকিৰ সৃষ্টি হৈছে ৷

By

Published : Jun 20, 2023, 6:16 PM IST

Ujani-Namani train services are expected to closed
উজনি-নামনি ৰে’ল সেৱা স্তব্ধ হোৱাৰ আংশকা

উজনি-নামনি ৰে’ল সেৱা স্তব্ধ হোৱাৰ আংশকা

মৰিয়নী, 20 জুন : ৰাজ্যত চলিত বৰ্ষৰ প্ৰথমটো বানে ভয়ংকৰ ৰূপ লৈছে ৷ বৰ্তমানলৈকে ৰাজ্যত বানত প্লাৱিত জিলাৰ সংখ্যা বৃদ্ধি পাইছে ১৮ খনলৈ ৷ ইফালে পাহাৰীয়া ৰাজ্যসমূহত নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত পাহাৰৰ পৰা বৈ অহা পানীয়ে অসমৰ কেইবাখনো নৈ উপনৈ ফেনে-ফুটুকাৰে বাঢ়িছে ৷ যোৰহাটৰ জিলাৰ মৰিয়নীৰ ভোগদৈ নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে মৰিয়নীৰ এটা বান্ধৰ সুৰক্ষা কৱচ ৷

এই বান্ধটো উটুৱাই নিয়াৰ ফলত ভোগদৈ নদীত থকা উত্তৰ-পূব সীমান্তৰ ৰে’লৱেৰ দলংখনলৈ চৰম ভাবুকিৰ সৃষ্টি কৰিছে ৷ বান্ধটো উটুৱাই নিয়াত যিকোনো মুহূৰ্ততে মৰিয়নী-তিনিচুকীয়া ৰে’লৰ যাতায়ত বন্ধ হৈ পৰাৰ আশংকা বৃদ্ধি পাইছে৷ তাপৰ্যপূৰ্ণ যে ৰে’লৱে বান্ধটোৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে ভোগদৈ নৈৰ দুয়োকাষে সুৰক্ষা কৱচস্বৰূপ বান্ধ নিৰ্মাণ কৰা হৈছিল যদিও সুৰক্ষা কৱচৰ কাম নিম্ন মানদণ্ড হোৱাৰ বাবে দুয়োটা মূৰ ভোগদৈৰ বাঢ়নী পানী সোঁতে সম্পূৰ্ণ ৰূপে খহাই নিয়ে৷

কাৰণ বিগত দিন ধৰি কাষৰীয়া ৰাজ্য নাগালেণ্ডত হৈ থকা নেৰানেপেৰা বৰষুণ বাবে ভোগদৈৰ জলস্তৰ বৃদ্ধি পাইছে ৷ তাৎপৰ্যপূৰ্ণভাৱে বিগত বাৰিষা কালছোৱাত ভোগদৈ নদীত পানী বঢ়া নাছিল ৷ আনহাতে সুৰক্ষা কৱচ খহি যোৱা লগে লগে অনিৰ্দ্দিষ্ট কালৰ বাবে মৰিয়নী আৰু তিনিচুকীয়াৰ মাজত দূৰণিবটীয়া ৰে’ল সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

উল্লেখ্য যে, অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি ১৮ খন জিলা প্লাৱিত হৈছে বছৰৰ প্ৰথমটো বানত ৷ বানৰ সমান্তৰালভাৱে গুৱাহাটী, শিলচৰ আৰু নলবাৰী চহৰত কৃত্ৰিম বানৰ প্রকোপ অব্যাহত আছে ।

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সোমবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি বিশ্বনাথ, কাছাৰ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, হোজাই, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাৰ ৪৪৪ খন গাঁও বানৰ কৱলত আছে । বানত ৩৪ হাজাৰো অধিক লোক প্ৰভাৱিত হোৱাৰ লগতে ৪,৭৪১ হেক্টৰ কৃষিভূমি বানত বুৰ গৈ আছে । আশ্রয় শিবিৰত সম্প্রতি 900 জন বন্যার্তই আশ্ৰয় লৈ আছে ।

লগতে পঢ়ক:Assam flood 2023: বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ 18 জিলাৰ 34 হাজাৰৰো অধিক লোক

ABOUT THE AUTHOR

...view details