অসম

assam

ETV Bharat / state

চেন্দেল উদ্যোগেৰে স্বাৱলম্বী যোৰহাটৰ দুই যুৱক - স্বাৱলম্বীতা

যি সময়ত দেশ তথা ৰাজ্যৰ বৃহৎ বৃহৎ উদ্যোগৰ লগতে ক্ষুদ্ৰ উদ্যোগসমূহ প্ৰায় বন্ধ হ'বলৈ ধৰিছে, তেনে সময়তে যোৰহাটৰ দুই যুৱকে দহদিনীয়া এটি প্ৰশিক্ষণ লাভ কৰি নিজ ঘৰতে গঢ়ি তুলিছে এটি ক্ষুদ্ৰ উদ্যোগ ৷ প্ৰায় তিনি মাহ আগতে আৰম্ভ কৰি অহা এই চেন্দেল নিৰ্মাণ উদ্যোগটোত দৈনিক 300 পৰা 500 যোৰ চেন্দেল প্ৰস্তুত কৰি আহিছে দুই যুৱকে ৷ পাইকাৰী মূল্যত 60 ৰ পৰা 70 টকাত প্ৰতিযোৰ চেন্দেল বিক্ৰী কৰাৰ পৰিৱৰ্তে 120 ৰ পৰা 140 টকা খুচুৰা মূল্যত যোৰহাটৰ লগতে আন আন ঠাইত বিক্ৰী কৰি আহিছে চেন্দেল ৷

Two youths from Jorhat self independent with footwear industry
চেন্দেলৰ উদ্যোগেৰে স্বাৱলম্বী যোৰহাটৰ দুই যুৱক

By

Published : Jun 15, 2021, 2:01 PM IST

যোৰহাট, 15 জুন :মহামাৰী কৰ'ণাৰ সংহাৰৰ পৰা সৰ্ব সাধাৰণক মুক্ত কৰি ৰখাৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা সান্ধ্য আইন, আংশিক লক ডাউনে একপ্ৰকাৰ জুৰুলা কৰিছে সৰ্ব সাধাৰণক ৷ বিগত বছৰৰ পৰা কালৰূপ ধাৰণ কৰা কৰ'ণাই হাজাৰজনক কৰিলে কৰ্মহীন ৷

বহিঃৰাজ্যত কৰ্মৰত হাজাৰ লোক স্ব-গৃহলৈ উভতি অহাত একপ্ৰকাৰ নিবনুৱা সমস্যাই ৰাজ্যত লৈছে ভয়াৱহ ৰূপ ৷ এনে সংকটময় পৰিৱেশৰ মাজতে যোৰহাটৰ দুই যুৱকে দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৷ ৰাজ্যত আংশিক লক ডাউন আৰু সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়তে অংশুমান বৰা আৰু মানসজ্যোতি বৰুৱা নামৰ দুই যুৱকে হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ পশ্চিম যোৰহাটৰ দুই উদীয়মান যুৱকে ঘৰতে থাকি প্ৰস্তুত কৰিছে দৈনন্দিন ব্যৱহাৰ হোৱা চেন্দেল ৷

চেন্দেলৰ উদ্যোগেৰে স্বাৱলম্বী যোৰহাটৰ দুই যুৱক

যি সময়ত দেশ তথা ৰাজ্যৰ বৃহৎ বৃহৎ উদ্যোগৰ লগতে ক্ষুদ্ৰ উদ্যোগসমূহ প্ৰায় বন্ধ হ'বলৈ ধৰিছে, তেনে সময়তে দুই যুৱকে দহদিনীয়া এটি প্ৰশিক্ষণ লাভ কৰি নিজ ঘৰতে গঢ়ি তুলিছে এই ক্ষুদ্ৰ উদ্যোগ ৷ প্ৰায় তিনি মাহ আগতে আৰম্ভ কৰি অহা এই চেন্দেল নিৰ্মাণ উদ্যোগটোত দৈনিক 300-500 যোৰ চেন্দেল প্ৰস্তুত কৰি আহিছে দুই যুৱকে ৷ পাইকাৰী মূল্যত 60-70 টকাত প্ৰতিযোৰ চেন্দেল বিক্ৰী কৰাৰ পৰিৱৰ্তে 120-140 টকা খুচুৰা মূল্যত যোৰহাটৰ লগতে আন আন ঠাইত বিক্ৰী কৰি আহিছে চেন্দেল ৷

উল্লেখ্য যে, ৰাজধানী চহৰ দিল্লীত উচ্চ শিক্ষাৰে শিক্ষিত দুই যুৱকে এতিয়া নিজৰ লগতে স্থানীয় আন বহুজনক নিজৰ এই উদ্যোগত সংস্থাপন দি আহিছে ৷ চেন্দেলৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱা দুই যুৱক অংশুমান আৰু মানসে ইংক্ৰুভেটৰৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিছিল‌ ৷

সম্প্ৰতি দুই যুৱকে এ এম ইণ্ড্ৰাষ্ট্ৰী নামৰে ঘৰতে চেন্দেল প্ৰস্তুত কৰা পাচত তৃপ্তি নামেৰে আন এটা মচলা উদ্যোগো গঢ়ি তুলিছে ৷ যোৰহাটৰ এই দুই যুৱকৰ এই প্ৰচেষ্টাক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক:গভীৰ সংকটত ৰঙিয়াৰ বাছৰ মালিক আৰু কৰ্মচাৰী

ABOUT THE AUTHOR

...view details