যোৰহাট, 13 ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰিছে ৰাজ্যৰ আৰক্ষী বিভাগে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অপৰাধমৃলক কাৰ্যকলাপ তথা অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই বহু অপৰাধীক আটক কৰাৰ লগতে জব্দ কৰিছে ড্ৰাগছ, সুৰা, নিচাযুক্ত দ্ৰব্য ৷
অপৰাধীৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষীয়ে অব্যাহত ৰখা এই অভিযানৰ সময়তে এইবাৰ আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিলে দুই গভাইত চোৰে(Thieves have escaped from police) ৷ যোৰহাটত সংঘটিত হৈছে এই ঘটনা ৷ যোৰহাট আদালতত হাজিৰ কৰাৰ প্ৰাকক্ষণত আদালতৰ চৌহদৰ পৰা পলায়ন কৰে চোৰ দুটাই (Two thieves escaped from jorhat court premises) ৷