তিতাবৰ, 20 এপ্ৰিল :আলফা(স্বা) ৰ নামত ধন দাবী কৰি আটক দুই যুৱক(Two persons detained for demanding money) ৷ তিতাবৰ আৰক্ষীয়ে কৰায়ত্ত কৰা যুৱকদ্বয় হৈছে ক্ৰমে জিণ্টু হাজৰিকা আৰু অনিল মানকী ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত 6 এপ্ৰিলত মহিমাবাৰীৰ অজিত শইকীয়া নামৰ এজন ব্যক্তিক ধন দাবী কৰিছিল দুই যুৱকে ৷ ব্যক্তিগৰাকীক হোৱাটছ এপযোগে(Demanding money through whats app) যোগাযোগ কৰি প্ৰায় 2.50 লাখ টকা দাবী কৰে দুজনীয়া যুৱকৰ দলটোৱে ৷ তদুপৰি এই ধন দুটা কিস্তিত দিবলৈ অজিত শইকীয়াক নিৰ্দেশ দিয়ে ৷
পৰৱৰ্তী সময়ত অজিত শইকীয়াক দাবী কৰা ধনৰ প্ৰথম কিস্তি হিচাপে 8 এপ্ৰিলৰ সন্ধিয়া 1.50 লাখ টকা ব্যক্তিগৰাকীৰ ঘৰৰ বাথৰুমত ওলোমাই ৰাখিবলৈ যুৱক দুজনে নিৰ্দেশ দিয়ে ৷ ব্যক্তিগৰাকীয়ে যুৱক দুনৰ নিৰ্দেশ অনুসৰি টকাখিনি বাথৰুমত থোৱাৰ পিছত তেওঁলোকে তাৰ পৰা ধনখিনি লৈ উধাও হয় ৷
লগতে চাওক:Fake anti corruption officer : ভুৱা পৰিচয়েৰে ধন দাবী কৰা স্বামী-স্ত্ৰী আটক