অসম

assam

ETV Bharat / state

FIR against Jorhat transport officer:যোৰহাট পৰিবহণ বিষয়াৰ বিৰুদ্ধে দুটাকৈ জাতীয় সংগঠনৰ এজাহাৰ

যোৰহাট জিলা পৰিবহণ বিষয়া মনিৰুল আহমেদৰ বিৰুদ্ধে মৰিয়নী থানাত এজাহাৰ দাখিল দুটাকৈ জাতীয় সংগঠনৰ ৷ বিৰ্তকৰ আৱৰ্তত সোমাই পৰিছে যোৰহাটৰ পৰিবহণ বিষয়াগৰাকী ।

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:36 PM IST

FIR against Jorhat transport officer
যোৰহাট পৰিবহণ বিষয়াৰ বিৰুদ্ধে এজাহাৰ

যোৰহাট পৰিবহণ বিষয়াৰ বিৰুদ্ধে এজাহাৰ

যোৰহাট, 7 ছেপ্টেম্বৰ : যোৰহাট জিলাৰ পৰিবহণ বিষয়াৰ বিৰুদ্ধে মৰিয়নী থানাত এজাহাৰ দাখিল কৰিছে দুটাকৈ সংগঠনে ৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বালি মাফিয়াৰ সৈতে জিলা পৰিবহণ বিষয়া গৰাকীৰ গোপন বুজাবুজি থকাৰ কথা অভিযোগ তুলি এই এজাহাৰ দাখিল কৰিছে ।

অভিযোগ অনুসৰি চলিত মাহৰ ৪ ছেপ্টেম্বৰত AS-03 BC 8121 আৰু AS- 05 C 9290 নম্বৰৰ দুখন ডাম্পাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু আদিবাসী ছাত্র সন্থাই মৰিয়নী থানা সন্মুখত ৰখায় ৷ জোখতকৈ অতিৰিক্ত বোজা কঢ়িয়াই অনা দুখনকৈ বালি ডাম্পাৰ থানাৰ সন্মুখত ৰখোৱাৰ পাচত দুই দলৰ বিষয়ববীয়াই যোৰহাট জিলাৰ পৰিবহণ বিষয়া মনিৰুল আহমেদক অৱগত কৰে ৷

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু আদিবাসী ছাত্র সন্থাৰ সন্মুখতেই মনিৰুল আহমেদ উক্ত স্থানত উপস্থিত হৈ কোনো ধৰণৰ সোধ পোচ নকৰাকৈয়ে, লগতে গাড়ীৰ কোনো কাগজ-পত্ৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ ডাম্পাৰ দুখন মোকলাই নিজৰ লগত লৈ যায় ৷ এতিয়া এতিয়া ঘটনাৰ পিচত পৰিবহণ বিষয়া মনিৰুল আহমেদৰ বিৰুদ্ধে বালি মাফিয়াৰ সৈতে গোপন বুজাবুজি থকাৰ অভিযোগ তুলিছে দুই সংগঠনৰ নেতাই ।

সেয়েহে সংগঠন দুটাই সমস্ত ঘটনাৰ উচিত তদন্ত বিচাৰী মৰিয়নী আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰে । উল্লেখ্য যে, বৰ্তমান সময়ত একাংশ বালি মাফিয়াই বিভাগীয় বিষয়াক মেনেজ কৰি চোৰাংকৈ বালিৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ গুৰুতৰ অভিযোগ উঠি আহিছে । সংগঠন দুটাই কি পৰিস্থিতিত পৰি জিলা পৰিবহণ বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক :Dilapidated Wood Bridge: এখন দলং বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কণ কণ শিক্ষাৰ্থীৰ

ABOUT THE AUTHOR

...view details