টীয়ক, 14 জুন : "আমি বহুত দূৰলৈ গুচি যাম, আমি ঘৰৰ বোজা নহওঁ ৷ আমি নিজেই উপাৰ্জন কৰি খাম ৷ মা-পাপাহঁত সদায় সুখী হওক । মই আৰু নাথাকো । বহুত মনত পৰিব সকলোকে কিন্তু আহিব নোৱাৰিম । নিজৰ মতে জীয়াই থাকিব শিকিম, নিজে কাম কৰিম কাকো আমনি নিদিওঁঁ ৷" এইদৰে সামাজিক মাধ্যমৰ শেষৰটো ষ্টেটাছ দি হঠাৎ সন্ধানহীন হৈ পৰিল দুগৰাকী কিশোৰী ৷ টীয়কত এই দুই কিশোৰী নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে (Two minor girls missing in Teok) ৷
টীয়কৰ মুদৈজানত যোৱা শনিবাৰৰ পৰা ভৰলুৱা গাঁৱৰ সুস্মিতা বৰা আৰু ৰশ্মি শইকীয়াৰ নামৰ দুই কিশোৰীয়ে স্বেচ্ছাই সামাজিক মাধ্যমত ষ্টেটাছ দি ঘৰৰ পৰা ওলাই যায় ৷ উল্লেখযোগ্য যে, মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সুস্মিতা বৰাই এই বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ৰশ্মি শইকীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল ৷ ৰশ্মিৰ পৰীক্ষাৰ ফলাফল ভাল নোহোৱাত মাতৃয়ে কিশোৰীগৰাকীক পুনৰ পৰীক্ষা দিবলৈ জোৰ কৰাত তেওঁ মাকক পুনৰ পঢ়িম বুলিও আশ্বাসো দিছিল (Girls missing from Teok)৷