অসম

assam

ETV Bharat / state

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বিদেশী পৰ্যটক

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিদৰ্শন কৰি অভিভূত দুই বিদেশী পৰ্যটক ক্ৰমে ছাৰ্গে মায়াৰ আৰু এমা মায়াৰ

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বিদেশী পৰ্যটক

By

Published : May 1, 2019, 1:03 PM IST

যোৰহাট, 1 মে: মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিদৰ্শন কৰি অভিভূত দুই বিদেশী পৰ্যটক ক্ৰমে ছাৰ্গে মায়াৰ আৰু এমা মায়াৰ । যোৰহাটৰ জীয়ৰী, কৰ্মসূত্ৰে জাৰ্মানীত থাকিবলৈ লোৱা গৱেষক নীলম নয়ন বৰাৰ আমন্ত্ৰণত পোন প্ৰথম বাৰৰ বাবে ভাৰতবৰ্ষ তথা অসমলৈ আহিছে পৰ্যটক দুগৰাকী ৷ দুই জাৰ্মান পৰ্যটকদ্বয়ে ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি অভিভূত হৈ পৰে ।

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বিদেশী পৰ্যটক

লগতে পঢ়ক: উদ্ধাৰ হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

এগৰাকী পৰিৱেশ বিজ্ঞানী ছাৰ্গে মায়াৰে অসমৰ প্ৰকৃতি প্ৰদত্ত এই সৌন্দৰ্য্য অনন্য বুলি মতপোষণ কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড:ৰাতুল চন্দ্ৰ বৰাই দলটোক এই ভ্ৰমণ কালত সহযোগিতা আগবঢ়ায় ।

ABOUT THE AUTHOR

...view details