যোৰহাট,১৭ নৱেম্বৰ :কাইলৈ অৰ্থাৎ ১৮ নৱেম্বৰত ৫০ বছৰত ভৰি দিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে (Zubeen Garg Birthday)। ৰাজ্যজুৰি জুবিন গাৰ্গৰ অনুৰাগীৰ ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । জুবিনৰ জীৱনৰ স্বৰ্ণ জয়ন্তী উদযাপনৰ বাবে যোৰহাটত ইতিমধ্যে বিশাল আয়োজন কৰা হৈছে । যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে জুবিনৰ জন্মদিন পালনৰ প্ৰস্তুতি চলি আছে (Zubeen Garg Birthday to celebrate in Jorhat)। য'ত শিল্পীগৰাকী বহু পুৰণি বন্ধু একত্ৰিত হ'ব ।
যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ কৰাৰ হৈছে বিশেষ মণ্ডপৰ । বহু শিল্পীৰ আগমন হোৱাৰ লগতে বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হ'ব । অৱশ্যে তাৰ প্ৰাকক্ষণত জুবিন গাৰ্গৰ দুগৰাকী বন্ধুৱে ইটিভি ভাৰতৰ সন্মুখত ক'লে বহু কথা । শিল্পীগৰাকীৰ সৈতে কটোৱা সময়বোৰ স্মৰণ কৰিলে বন্ধু দুগৰাকীয়ে (Two friends reminisce old memories with Zubeen)।
যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়ি থকা সময়চোৱাত জুৱিন গাৰ্গ কেনেকুৱা আছিল আৰু অনামিকাৰ পূৰ্বে কি এলবামৰ বাবে গান গাইছিল সকলো কথা বিৱৰি ক'লে বন্ধু দুগৰাকীয়ে । জুবিন গাৰ্গক অনন্য আখ্যা দিলে তেওঁৰ কলেজীয়া বন্ধু তথা চিকিৎসক শংকৰজ্যোতি পৰাশৰে । জুবিন গাৰ্গৰ কথাবোৰ আনতকৈ পৃথক ।