অসম

assam

ETV Bharat / state

যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰী কোভিড 19 পজিটিভ - যোৰহাট কোভিড 19

যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড 19ৰ বীজাণু ৷ ইয়াৰ পিছতেই প্ৰশাসনে বাকীজাই,এন আৰ চি আৰু ভূমি অভিগ্ৰহণ আৰু অধিগ্ৰহণ বিভাগ তিনিটা কন্টেইনমেন্ট জ’ন ঘোষণা কৰি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে ৷

two employee of Jorhat DC office found COVID 19 positive
যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰী কোভিড 19 পজিটিভ

By

Published : Jun 24, 2020, 11:08 AM IST

যোৰহাট,24 জুনঃযোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰী কোভিড 19 পজিটিভ বুলি উপায়ুক্তই নিশ্চিত কৰাৰ পিছতেই কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে কাৰ্যালয়টো ৷ এই বাতৰি বিয়পি পৰাৰ লগে লগে মঙলবাৰে নিশাই প্ৰশাসনে বাকীজাই,এন আৰ চি আৰু ভূমি অভিগ্ৰহণ আৰু অধিগ্ৰহণ বিভাগ তিনিটাও কন্টেইনমেন্ট জ’ন ঘোষণা কৰি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ৷

যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰী কোভিড 19 পজিটিভ

উল্লেখ্য যে,কৰ্মচাৰী দুগৰাকীৰ ভিতৰত এগৰাকী পজিভিট প্ৰমাণিত হোৱাৰ আগমূহুৰ্তলৈকে কাৰ্যালয়তে কৰ্মৰত হৈ আছিল ৷ আনাহতে,চতুৰ্থ বৰ্গৰ কাৰ্মচাৰী গৰাকীৰ বাবে এতিয়া যোৰহাট চহৰত গণ সংক্ৰমণৰ আশংকাও বৃদ্ধি পাইছে ৷ যাৰ বাবে যোৰহাট জিলা প্ৰশাসনে জনসাধাৰণক সাৱধান কৰি দিছে ৷ কিন্তু ইয়াৰ পিছতো যেন পৰিস্থিতিৰ ভয়াৱহতাৰ ওপৰত কোনো গুৰুত্ব আৰোপ কৰা নাই চৰখনৰ একাংশ লোকে ৷ বুধবাৰে পুৱাৰ ভাগতে যোৰহাটৰ নিউভিল ৰোডৰ দৈনিক পাচলি বজাৰত পৰিলক্ষিত হয় ব্যাপক ভিৰ ৷ আনহাতে লোকসকলে সামাজিক দুৰত্বও মানি নচলা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল ৷

লগতে পঢ়ক-নাৰায়ণপুৰৰ তিনিজনৰ দেহত কোভিড-১৯ পজিটিভ

ABOUT THE AUTHOR

...view details