যোৰহাট,24 আগষ্ট:সোমবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত দুগৰাকী চিকিৎসকে চাকৰিৰ পৰা স্বেচ্ছাই অব্যাহতি লোৱাক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ব্যাপক চৰ্চা ৷ কৰ’ণা ভাইৰাছৰ বাবে বিগত প্ৰায় পাঁচ মাহৰ পৰা বিৰামহীনভাৱে চিকিৎসা সেৱা আগবঢ়াই অহা চিকিৎসক দুগৰাকীৰ এই অব্য়াহতিয়ে বহু প্ৰশ্নৰ অৱতাৰণা ঘটাইছে ৷ চিকিৎসক দুগৰাকীয়ে পদত্য়াগ পত্ৰত অত্যধিক কামৰ বোজাই এই পদত্য়াগৰ মূখ্য কাৰণ বুলি উল্লেখ কৰাৰ লগতে বিৰামহীন সেৱাৰ বাবে মানসিকভাৱে ভাগি পৰাৰ কথা প্ৰকাশ কৰিছে ৷
চাকৰিৰ পৰা স্বেচ্ছাই অব্যাহতি যোৰহাটৰ দুই চিকিৎসকৰ - Corona Virus
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত দুগৰাকী চিকিৎসকে সোমবাৰে স্বেচ্ছাই অব্যাহতি লয় চাকৰিৰ পৰা ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ চিকিৎসক দুগৰাকীয়ে অত্যধিক কামৰ বোজাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
![চাকৰিৰ পৰা স্বেচ্ছাই অব্যাহতি যোৰহাটৰ দুই চিকিৎসকৰ Two doctor from JMCH resign job assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8536571-thumbnail-3x2-a.jpg)
দুই চিকিৎসকৰ চাকৰিৰ পৰা স্বেচ্ছাই অব্যাহতি
দুই চিকিৎসকৰ চাকৰিৰ পৰা স্বেচ্ছাই অব্যাহতি
কোভিড 19 ৰ দৰে ভয়াৱহ ভাইৰাছৰ বিৰুদ্ধে চিকিৎসা সেৱা আগবঢ়াই নিজৰ জীৱনৰ প্ৰতি শংকা নামি অহাত বাধ্য হৈ সন্মানীয় চৰকাৰী চিকিৎসকৰ দৰে সেৱাৰ পৰা স্বেচ্ছাই অব্যাহতি লবলৈ বাধ্য হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহকাৰী অধ্যাপক শংকৰজ্যোতি পৰাশৰ আৰু প্ৰিয়ংকা চাংমাইয়ে ৷ ইতিমধ্যে দুয়োগৰাকী চিকিৎসকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ৷ এই ঘটনাই বিভিন্ন মহলত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া ৷
লগতে চাওকঃকামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ক'ভিড পজিটিভ