যোৰহাট, 27 জুনঃ COVID 19 ৰ গণ সংক্ৰমণ ৰোধৰ বাবে যোৰহাট জিলাত দুদিনীয়া লক্ ডাউনৰ নিৰ্দেশ জিলা দণ্ডাধীশৰ ৷ লগতে 27 জুন পৰা প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে জিলাখনৰ পৌৰসভা আৰু নগৰ সমিতিৰ এলেকাসমূহত সম্পূৰ্ণ লক্ ডাউন ঘোষণা কৰে জিলা প্ৰশাসনে ।
ইয়াৰ পৰিপ্ৰেক্ষিতত ক্ৰমাৎ কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন ৷ শুকুৰবাৰে পুৱাৰে পৰা সম্পূৰ্ণ চহৰখনত তহল দিয়ে আৰক্ষীৰ লগতে খোদ দণ্ডাধীশে । এই সময়ছোৱাত অনাহকত ঘুৰি ফুৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন। লক্ ডাউনৰ সময়ছোৱাত বন্ধ হৈ পৰিছে চহৰখনৰ সকলো দোকান-পোহাৰৰ লগতে বাট-পথ ৷