যোৰহাট,১১ ফেব্ৰুৱাৰী :নতুন চিন্তাধাৰাৰে আগুৱাই কৃষিক্ষেত্ৰত পৰিৱৰ্তন আনি অসমক উন্নত ৰপ্তানিকাৰী ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব । এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ । অসম কৃষি বিশ্ববিদ্যালয়ত উপস্থিত থাকি এই মন্তব্য কৃষি মন্ত্ৰীগৰাকীৰ (Atul Bora at Assam Agricultural University)।
উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত সতীৰ্থ সন্মিলন আৰম্ভ হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যোৰহাট কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত শনিবাৰৰ পৰা কৃষি মহাবিদ্যালয়ৰ সতীৰ্থসকলৰ এই সতীৰ্থ সন্মিলন আৰম্ভ হৈছে (Two days Agri Alumni Meet 2023)।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই উদ্বোধন কৰা দুদিনীয়া এই সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰি ভাষণত অতুল বৰাই কয় যে নতুন জ্ঞান আৰু ধাৰণাৰ জৰিয়তে কৃষিৰ দিশত প্ৰকৃতিৰ ৰত্ন উদ্ঘাটন কৰি বহনশীল গ্ৰাম্য অৰ্থনীতিৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিব লাগিব ।
তেওঁ জনোৱা মতে অসমখনক দেশৰ উন্নত ৰপ্তানিকাৰী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ কৃষিৰ দিশত আন্তঃগাথঁনি উন্নয়নৰ জৰিয়তে আগুৱাই যোৱাৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে । সম্প্ৰতি জলবায়ুৰ পৰিৱৰ্তনে কৃষি ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলোৱাক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে এই ক্ষেত্ৰত কৃষি বিশ্ববিদ্যালয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব ।