টীয়ক, ২৩ মে':অসমৰ চহৰাঞ্চলৰ সমান্তৰালকৈ গ্ৰামাঞ্চল তথা চাহ বাগিচাসমূহত কৰ'ণাৰ সংক্ৰমণে জটিল ৰূপ লৈছে । যাৰ বাবে বহু পৰিয়াল হোম কোৱাৰেণ্টাইনত থাকিব লগীয়া হৈছে । কিন্তু এই সময়ত সেই পৰিয়ালবোৰে খাদ্য সংকটকে ধৰি বিভিন্ন সমস্যাত পৰা দেখা গৈছে ।
যোৰহাট জিলাৰ টীয়কৰ বিভিন্ন অঞ্চলতো বহু লোক হোম কোৱাৰেণ্টাইনত আছে । কিন্তু সেই লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে তুষাৰ পাল নামৰ এগৰাকী সমাজকৰ্মী । টীয়কৰ চেলেংহাটৰ সমাজকৰ্মী তুষাৰ পালে হোম কোৱাৰেন্টাইনত থকা টীয়ক আৰু মৰিয়নি সমষ্টিৰ কেইবাটাও পৰিয়ালক নিজৰ উপাৰ্জনৰ ধন খৰছ কৰি সাধ্য অনুসৰি খাদ্য সামগ্ৰী আৰু মাস্ক-চেনিটাইজাৰ আদি যোগান ধৰিছে ।