তিতাবৰ ন আলি ঢেকীয়াজুলিত তীব্ৰবেগী ট্ৰাকৰ দৌৰাত্ম্য যোৰহাট, 5 আগষ্ট : যোৰহাটত অঘটন ৷ শুকুৰবাৰে দুপৰ নিশা তিতাবৰ ন আলি ঢেকীয়াজুলিত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এখন অভাৰলোড মালবাহী ট্ৰাকে মহতীয়াই নিলে খুটা, বাইক আৰু কেইবাখনো দোকান ৷ সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই ৷
স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে নিশা গুৱাহাটীৰ পৰা অহা AS01 FC9897 নম্বৰৰ ট্ৰাক এখনে তিতাবৰ গাত্তানি কোম্পানীৰ এটা ধানৰ মিলৰ পৰা ধান থৈ তুঁহ ন আলিয়ে দি তীব্ৰবেগত গতি কৰিছিল ৷ এই মালবাহী ট্ৰাকখনৰ চালকজন সুৰামত্ত আছিল বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷
অভাৰলোড মালবাহী ট্ৰাকখনৰ সুৰামত্ত চালকজনে অতি তীব্ৰবেগত আহি প্ৰথমে এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰে ৷ তাৰ পিচত এখন বাইক আৰু কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দা মাৰে ৷ যাৰ ফলত যথেষ্ট ক্ষতি সাধন হয় ।
এই দুৰ্ঘটনাটোৰ পাচতে উত্তপ্ত হৈ পৰে অঞ্চলটো ৷ ৰাজপথলৈ ওলাই আহি স্থানীয় ৰাইজে ট্ৰাকখনৰ চালক আৰু ট্ৰাকখন জব্দ কৰে ৷ কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অতি কৌশলেৰে ট্ৰাকখনৰ চালকজনক লৈ যায় ৷ যাৰ ফলত ক্ষুব্ধ হৈ পৰে স্থানীয় লোক ৷ ক্ষতিপূৰণ নিদিয়া বা ক্ষতিপূৰণ সন্দৰ্ভত লিখিত প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন যাবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰে ৷
উল্লেখ্য যে, নিশা হ’লেই উক্ত অঞ্চলটোত একাংশ মালবাহী ট্ৰাক লগতে অন্যান্য বাহনে দৌৰাত্ম্য চলাই আহিছে ৷ কিন্তু এইসকলক নিয়ন্ত্ৰণ কৰিব কোনে ? সেয়ে ৰাইজৰ দাবী, এনেদৰে ৰাজপথত দৌৰাত্ম চলোৱা গাড়ীসমূহ নিয়ন্ত্ৰণ ক্ষেত্ৰত পৰিবহণ বিভাগ আৰু যান-বাহন শাখা অধিক কঠোৰ হওঁক ৷
লগতে পঢ়ক :Titabor Fire incident : তিতাবৰত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল 5 খন দোকান; লক্ষাধিক টকাৰ ক্ষতি