যোৰহাট,9 ডিচেম্বৰঃআজি যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে প্ৰয়াত ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ যোৰহাটৰ কাছাৰী ময়দানত বুধবাৰে পুৱা 10 বজাৰ পৰা আৰম্ভ হয় প্ৰয়াত তৰুণ গগৈৰ স্মৃতিত সদ্ভাৱনা যাত্ৰা ৷ যোৰহাটৰ বিধায়ক ৰাণা গোস্বামী, তৰুণ গগৈৰ ভাতৃ দীপ গগৈয়ে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি স্থানত চিতাভষ্ম স্থাপন কৰে ৷ ইয়াৰ পিছতে তেখেতৰ চিতাভষ্মৰ কাষত বন্তি প্ৰজ্বলন কৰে পত্নী ডলি গগৈৰ লগতে তাই আহোম সকলৰ মুলুংয়েৰে ৷ সৰ্বধৰ্মীয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গায়ন বায়ন, মংগলশ্বাৰন, শিখ, বৌদ্ধ, ইছলাম সকলো ধৰ্মীয় প্ৰাৰ্থনা কৰা হয়।
আজি যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - Tarun gogoi ashes distribution
আজি যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে প্ৰয়াত ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ যোৰহাটৰ বিধায়ক ৰাণা গোস্বামী, তৰুণ গগৈৰ ভাতৃ দীপ গগৈয়ে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি স্থানত চিতাভষ্ম স্থাপন কৰে ৷
আজি যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
উল্লেখ্য যে, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ পবিত্ৰ চিতাভষ্ম উজনিৰ ৭ খনকৈ জিলাৰ কংগ্ৰেছ প্ৰতিনিধিসকলৰ হাতত তুলি দিয়া হয় ৷ প্ৰতিনিধিসকলৰ হাতত এই চিতাভষ্ম তুলি দিয়ে পুত্ৰ গৌৰৱ গগৈয়ে ৷ বুধবাৰৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অসমৰ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, ৰেকিবুদ্দিন আহমেদ, আব্দুল খালেক, প্ৰদ্যুত বৰদলৈ, ভাতৃ দ্বীপ গগৈ, ৰাণা গোস্বামী, ৰাণী নৰহ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াকে আদি কৰি কংগ্ৰছৰ বহু জেষ্ঠ নেতা ৷