অসম

assam

ETV Bharat / state

জাঁজীমুখৰ বালিমাহী চাপৰিত এক লাখ গছপুলি ৰোপণৰ সংকল্প আছুৰ

আজি বালিমাহী যৌৱনপ্ৰাপ্ত হ’ল । চৌদিশ সেউজীয়াৰ আচ্ছাদন । বিভিন্ন ধৰণৰ ফল মূলৰ গছকে ধৰি নৈপৰীয়া দ অঞ্চলত লহ পহকৈ বাঢ়ি আহিছে গছবোৰ ।

By

Published : Jun 5, 2021, 10:38 PM IST

tree plant by aasu at Janjimukh teok
জাঁজীমুখৰ বালিমাহী চাপৰিত এক লাখ গছপুলি ৰোপণৰ সংকল্প আছুৰ

টীয়ক, 5 জুন : জৈৱ বৈচিত্ৰৰে ভৰপূৰ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু জাঁজী নদীৰ সংগমস্থলী টীয়কৰ ঐতিহাসিক জাঁজীমুখ । অঞ্চলটোৰ অন্যতম এগৰাকী প্ৰকৃতিপ্ৰেমী ললিত টাউদে কেইবাটাও বছৰৰ পূৰ্বৰে পৰা জাঁজীমুখৰ এই জৈৱ বৈচিত্ৰ অক্ষুন্ন ৰখাৰ উদ্দেশ্যেৰে অশেষ কষ্ট তথা ত্যাগ স্বীকাৰ কৰি নদীৰ চাপৰিত গঢ়ি তুলিছিল এক সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিবেশ । চাপৰিটোৰ নাম ৰাখিছিল বালিমাহী । আজি বালিমাহী যৌৱনপ্ৰাপ্ত হ’ল । চৌদিশ সেউজীয়াৰ আচ্ছাদন । বিভিন্ন ধৰণৰ ফল মূলৰ গছকে ধৰি নৈপৰীয়া দ অঞ্চলত লহ পহকৈ বাঢ়ি আহিছে গছবোৰ ।

জাঁজীমুখৰ বালিমাহী চাপৰিত এক লাখ গছপুলি ৰোপণৰ সংকল্প আছুৰ

উল্লেখযোগ্য যে, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ললিত টাউদে লোৱা এই প্ৰকৃতি সুৰক্ষাৰ প্ৰচেষ্টাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বালিমাহী চাপৰিত এক লাখ গছপুলি ৰোপণ কৰাৰ এক সংকল্প গ্ৰহণ কৰিছিল । যোৱা বৰ্ষত পৰিবেশ দিৱসৰ এই বিশেষ দিনটোতে সেই সংকল্প আগত লৈ গছপুলি ৰোৱা কাৰ্যসূচী আৰম্ভ কৰিছিল ৷ আজিও বিশ্ব পৰিবেশ দিৱস উপলক্ষ্যত পুনৰ চাপৰিটোত প্ৰায় দুহেজাৰ বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰি পূৰ্বে ৰোৱা পুলি সমূহ প্ৰতিপালন কৰে ।

জাঁজীমুখৰ বালিমাহী চাপৰিত এক লাখ গছপুলি ৰোপণৰ সংকল্প আছুৰ

প্ৰকৃতিবিদ ললিত টাউদে ঐতিহ্য ধৰি ৰখাৰ ক্ষেত্ৰত ছাত্ৰ সন্থাই লোৱা পদক্ষেপক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে । ইপিনে ছাত্ৰ সন্থায়ো পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা জাঁজীমুখৰ বান গৰাখহনীয়াকে ধৰি এশ এবুৰি সমস্যাসমূহ অনতি পলমে সমাধান কৰি জাঁজীমুখক অসমৰ অন্যতম পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক : বৰ্ষাৰ আগমণৰ লগে লগে কাজিৰঙাত বহিছে প্ৰকৃতিৰ ৰঙৰ মেলা

ABOUT THE AUTHOR

...view details