টীয়ক, 26 আগষ্ট: একমাত্ৰ পুত্ৰক বিচাৰি হাবাথুৰি খাই ফুৰা এগৰাকী বৃদ্ধা আইতা ৷ এইগৰাকী বৃদ্ধাৰ কৰুণ কাহিনীয়ে আপোনাৰো চকু সেমেকাই তুলিব ৷ 1990 চনতে আলফাৰ সৈতে জড়িত থকাৰ অভিযোগত ভাৰতীয় সেনাই আটক কৰাৰ পাচৰে পৰা নিখোজ হৈ আছে বৃদ্ধাগৰাকীৰ একমাত্ৰ পুত্ৰ সন্তান ৷ এই বৃদ্ধাগৰাকীও হৈছে এগৰাকী সেনা জোৱানৰ বিধৱা পত্নী ৷
নাম বিমলা বৰা ৷ টীয়কৰ নিৱাসী বিমলা বৰাৰ স্বামী ভালিৰাম বৰা ভাৰতীয় সেনা বাহিনীত কৰ্মৰত আছিল । এগৰাকী কন্যা আৰু এটা পুত্ৰ সন্তানৰ সৈতে সুখৰ সংসাৰ আছিল দুয়োৰে ৷ কিন্তু আলাফাৰে যোগাযোগ থকাৰ অভিযোগত ধৰি নিয়া হৈছিল পুত্ৰ সন্তানটি চন্দ্ৰ প্ৰকাশক ৷
কিন্তু বিধিৰ কি বিড়াম্বনা ! পুত্ৰৰ কোনো সন্ধান নাপাই আদালতে আদালতে ঘুৰিও সুফল নোপোৱাত অসহায় হৈ পৰা পিতৃ ভালিৰাম বৰাই দহ বছৰ পূৰ্বেই পুত্ৰক হেৰুওৱাৰ বেদনাত মৃত্যুক সাৱতি ল’বলগীয়া হৈছিল ৷ ইফালে অসহায় বিমলা বৰাৰ কাষত একমাত্ৰ জীয়ৰী আছিল যদিও বিগত কিছু মাহ পূৰ্বে এক মাৰাত্মক ৰোগত আক্ৰান্ত হৈ জীয়ৰীও মাতৃৰ পৰা চিৰদিনৰ বাবে বিদায় মাগে ৷