যোৰহাট,6জানুৱাৰী :যোৰহাটৰ চিৰতীয়া গাঁৱত মঙলবাৰে নিশা একেলগে জ্বলিল তিনিখনকৈ চিতা ৷ ঘটনাৰ বিৱৰণ অনুসৰি, সোমবাৰে পুৱা কাৰ্তিক শৰ্মা নামৰ এগৰাকী ব্যক্তিক চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ গৈছিল ভাতৃ বিজয় শৰ্মাই ৷ তেওঁলোকৰ লগত একেখন গাঁৱৰে প্ৰকাশ শৰ্মা বৰদলৈ নামৰ আন এজন যুৱকো গৈছিল গুৱাহাটীলৈ ৷ কিন্তু নিষ্ঠুৰ নিয়তিয়ে কঢ়িয়াই নিলে তিনিওজনৰে প্ৰাণ। ঘৰলৈ ঘূৰি আহিল কেৱল তিনিওৰে নিথৰ দেহ ৷
যোৰহাটত একেলগে জ্বলিল তিনিখনকৈ চিতা
যোৰহাটৰ চিৰতীয়া গাঁৱত একেলগে জ্বলিল তিনিখনকৈ চিতা ৷ নেলীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল একেখন গাঁৱৰে কাৰ্তিক শৰ্মা,বিজয় শৰ্মা,প্ৰকাশ শৰ্মা বৰদলৈ নামৰ তিনিজনকৈ যুৱকে ৷
যোৰহাটত একেলগে জ্বলিল তিনিখনকৈ চিতা
নেলীত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় বিজয় শৰ্মা আৰু কাৰ্তিক শৰ্মা । তদুপৰি সংকটজনক অৱস্থাত গুৱাহাটীলৈ লৈ যোৱাৰ সময়তে মৃত্যু হয় প্ৰকাশ শৰ্মা বৰদলৈ নামৰ যুৱকজনৰো ৷ আনহাতে,মঙলবাৰে নিশা তিনিওৰে নশ্বৰ দেহ চিৰতীয়া গাঁৱত আহি পোৱাৰ লগে লগে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ ৷ গাঁৱৰ ৰাজহুৱা শ্মশানত তিনিওৰে মৃতদেহ সৎকাৰ কৰা হয় ।
লগতে পঢ়কঃগুৰুতৰভাৱে অসুস্থ প্ৰখ্যাত বিজ্ঞানী ডঃ জিতেন্দ্ৰ নাথ গোস্বামী