অসম

assam

ETV Bharat / state

Na Laguwa Utsav at Jorhat : ২৫৪ বছৰত ভৰি দিলে বৰভেটিৰ ন-লগোৱা উৎসৱে - Na Laguwa Utsav at Malou pathar

বৰভেটিৰ ন-লগোৱা উৎসৱে ভৰি দিলে ২৫৪ বছৰত (254th edition of the Na Laguwa Utsav) । প্ৰতি বছৰৰ দৰে যোৰহাট জিলাৰ মালৌ পথাৰৰ বৰভেটিত দেওবাৰে উদযাপন কৰা হ’ল ন-লগোৱা উৎসৱ (Malou pathar of Jorhat) ৷ উক্ত দিনটোত ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হ’ল ৷

Na Laguwa Utsav
২৫৪ বছৰত ভৰি দিলে বৰভেটিৰ ন-লগোৱা উৎসৱে

By

Published : Nov 29, 2021, 3:21 PM IST

যোৰহাট, 28 নৱেম্বৰ : এয়া আঘোণ মাহ । পথাৰত সোণগুটি চপোৱাৰ সময় । আঘোণ মাহতেই অসমীয়া সমাজ জীৱনত ন-খোৱা উৎসৱ পালন কৰে কৃষক সমাজে । যোৰহাট জিলাৰ মালৌ পথাৰৰ বৰভেটিৰ ৰাইজেও প্ৰতি বছৰৰ দৰে দেওবাৰেও পালন কৰিলে ন-লগোৱা উৎসৱটি (Na Laguwa Utsav at Malou pathar) । এই ন-লগোৱা উৎসৱৰ আছে এক ঐতিহ্য । বৰভেটিৰ এই ন-লগোৱা উৎসৱে ২৫৪ বছৰত ভৰি দিছে (254th edition of the Na Laguwa Utsav) ।

২৫৪ বছৰত ভৰি দিলে বৰভেটিৰ ন-লগোৱা উৎসৱে

মায়ামৰা বৈষ্ণৱ গুৰু শ্ৰী শ্ৰী অষ্টভুজদেৱ গুৰু জনাৰ বলিষ্ঠ নেতৃত্বত ৮ লাখ ৯০ হাজাৰ ভক্তৰ মহাত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল এই বৰভেটি তীৰ্থ । প্ৰবাদ অনুসৰি, আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত মায়ামৰা সত্ৰাধিকাৰ অষ্টভূজ গোসাঁইৰ দিনতেই তেওঁৰ পুত্ৰ সপ্তভূজে ১৭৬৮ খ্ৰীষ্টাব্দত সমগ্ৰ অসমত সিঁচৰতি হৈ থকা শিষ্যসকলক আমন্ত্ৰণ কৰি গাইপতি একোচপৰাকৈ মাটি দিয়াই মালৌ পথাৰৰ দ ঠাইত বৰভেটি বনাইছিল ৷ ভেটিটো ওখ হোৱাৰ বাবেই আজিও এই মাটিৰ ভেটিটো ‘বৰভেটি’ বুলি ইতিহাস প্ৰসিদ্ধ ।

মায়ামৰা ভক্তসকলে প্ৰতিবছৰে প্ৰথম শস্য চপোৱাৰ পাচত আঘোণ মাহৰ প্ৰথম সপ্তাহৰ কোনো এটা দিনত সকলো লগ হৈ ন-লগোৱা উৎসৱ পালন কৰিবলৈ আৰম্ভ কৰে ।

মাটিৰ চাকিৰে বন্তি প্ৰজ্বলন (Lighting of the Earthen Lamps) কৰি বৰভেটিৰ ওপৰত স্থাপন কৰাৰ পাচত সেৱা আগবঢ়োৱা হয় । নতুন চাউলৰ পিঠাগুৰি, গাখীৰ আৰু গুৰেৰে তৈয়াৰী সাজ, মাহ প্ৰসাদ, কল, কুঁহিয়াৰ আদি নৈবদ্যৰে শৰাই সজাই গায়ন-বায়নেৰে নাম-কীৰ্তন পৰিৱেশন কৰা হয় । ঐতিহাসিক বৰভেটিত আজিও এই উৎসৱ নিষ্ঠাৰে পালন কৰা হয় । আজিও উক্ত দিনটোত এই উৎসৱৰ দিনাখন বহুতো ভক্তৰ ভিৰ পৰিলক্ষিত হয় ।

লগতে পঢ়ক :Chalo loku festival : অৰুণাচলৰ নক্তে জনগোষ্ঠীৰ চল' লকুৰ বিষয়ে জানে নে ?

ABOUT THE AUTHOR

...view details