তিতাবৰ, ১৮ জুলাই:এতিয়া ভৰল বাৰিষা ৷ কিন্তু খৰাঙৰ ফলত এই শাওণমহীয়াও পথাৰত চিৰাল ফাঁট মেলাত মূৰে কঁপালে হাত দিছে তিতাবৰৰ কৃষক ৰাইজে (Severe drought in Titabar) । উপায়হীন হৈ বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ আয়োজন কৰিছে ভেকুলী বিয়াৰ । তিতাবৰৰ বালিজানৰ কেইবাখনো গাঁৱৰ ৰাইজে মাংগলিক প্ৰথাৰে পাতিলে ভেকুলী বিয়া (Traditional frog wedding in Titabar) । বিয়া নাম, আয়তীৰ উৰুলিয়ে উদুলি-মুদুলি হৈ পৰিল বিয়াঘৰ । নচাই নাচিছে, পানী তোলাই পানী তুলিছে ৷ বিয়া বুলি উবুৰি খাই পৰিছে গাঁৱৰ জীয়ৰী-বোৱাৰী ।
তিতাবৰত খৰাং বতৰৰ বাবে প্ৰায় ২৫ খন গাঁৱৰ ৰাইজে ৰোপণ কৰিব পৰা নাই নিজৰ খেতি দৰা । সেউজীয়া পথাৰৰ সপোন দেখা কৃষকৰ পথাৰত দেখা গৈছে চিৰাল ফাঁট । ৰাজ্যত এফালে বানে সৰ্বহাৰা কৰিছে কৃষক ৰাইজক আনফালে খৰাং বতৰৰ ফলত নিজৰ খেতি দৰা ৰুব পৰা নাই তিতাবৰৰ বেকাজান, বালিজান, গোহাঁই গাঁও, গড়াজান বৰহোলাৰ পানীখেতি কলাপানী ৰজাবাৰী ধৰি প্ৰায় ২৫ খন গাঁৱৰ ৰাইজে ।