যোৰহাট, 14 জুলাই : ৰাজ্য চৰকাৰে ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে অবিৰতভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই ক'ভিড পৰিস্থিতি ৷ মূলতঃ ৰাজ্যৰ 7 খনকৈ জিলাত ক'ভিডে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ যোৰহাট জিলাতো ক’ভিড সংক্ৰমণ ভয়াবহভাবে বৃদ্ধি পোৱাৰ ফলত সম্পূৰ্ণ লক ডাউন (Lockdown) পুনৰ দুটা দিনৰ বাবে বৃদ্ধি কৰা হয় ।
ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত আৰু দুদিনৰ বাবে লক ডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷ যোৰহাটত লক ডাউনৰ সময়চোৱাত কেৱল মাত্ৰ দুগ্ধজাত সামগ্ৰী আৰু ফাৰ্মাচীহে খোলা থাকিব বুলি সদৰী কৰিছে জিলা প্ৰশাসনে ৷ আনহাতে, গেলামাল আৰু ফল-মূলৰ দোকান কেৱল বুধবাৰ আৰু শুকুৰবাৰেহে খোলা থাকিব বুলি প্ৰশাসনে এক নিৰ্দেশনা জৰিয়তে জানিবলৈ দিয়ে ৷