হনি ট্ৰেপিঙত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ অসম জাতীয় পৰিষদৰ নেতা
তিতাবৰত হনি ট্ৰেপিঙৰ জৰিয়তে ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ(AJP leader arrested for allegations of honey trapping) অসম জাতীয় পৰিষদৰ নেতা ৷ নেতাগৰাকীৰ বিৰুদ্ধে তিতাবৰ প্ৰেছ ক্লাবৰ সভাপতিক 5 লাখ টকা দাবীৰ অভিযোগ ৷
প্লাষ্টিকৰ বস্তাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড
মহানগৰীৰৰ সমীপৱৰ্তী বৰ্ণিহাটৰ প্লাষ্টিকৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত উদ্যোগটো(Devastating fire in Barnihat) । জুইত জাহ গ'ল কেইবা কোটি টকাৰ সামগ্ৰী ।
নেপীয়াৰ ঘাঁহৰ থোৰ-কেঁচু সাৰ বিক্ৰীৰে চৰ্চাত বোকাখাতৰ এখন মহাবিদ্যালয়
আৰ্থিক দিশত ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বন কৰাৰ উদ্দেশ্যে শিক্ষা প্ৰদান কৰা হৈছে ৰাজ্যৰ এখন মহাবিদ্যালয়খনত ৷ শেহতীয়াকৈ এক লাখ নেপীয়াৰ ঘাঁহৰ থোৰ আৰু এক কুইণ্টল কেঁচু সাৰ বিক্ৰী কৰি চৰ্চালৈ আহিছে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় ৷
যুক্তৰাষ্ট্ৰত অসমকন্যা প্ৰিয়ানাৰ আন এক সাফল্য
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে অসমকন্যা(Assamese girl shines internationally) । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্চিটি অৱ ফ্ল'ৰিডাই এশ শতাংশ স্ক'লাৰশ্বিপৰ সৈতে স্পৰ্টছ মেনেজমেন্ট বিষয়ক পি এইচ ডি পাঠক্ৰমৰ বাবে বাচনি কৰা হৈছে সুদক্ষ টেনিচ খেলুৱৈ অসমকন্যা প্ৰিয়ানা কলিতাক ।
Karmashree Awards 2022 : কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি বিতোপন নেওগলৈ কৰ্মশ্ৰী বঁটা
কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি তথা বৰ্তমান শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগক কৰ্মশ্ৰী বঁটা(Karmashree Awards to ACS Officer Bitopan Neog) প্ৰদান ৷ এই বঁটা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma) ই ৷ প্ৰাকৃতিক, ঐতিহাসিক আৰু সাংস্কৃতিক সমলৰে ভৰপুৰ কলিয়াবৰক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি নেওগে ৷