নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবে Online Portal আৰম্ভ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ
দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ তথা নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ । অৰ্ধনিৰ্মিত অৱস্থাত থকা ছখন আই টি আই শীঘ্ৰে কাৰ্যক্ষম কৰাৰ নিৰ্দেশ । অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিৰ দিশত শীঘ্ৰে পদক্ষেপ ল'বলৈ নিৰ্দেশ ।
গুৱাহাটী মহানগৰীৰ জাৱৰৰ বোজা নলয় চন্দ্ৰপুৰবাসীয়ে
গুৱাহাটীৰ জাৱৰ পেলাব নোৱাৰে চন্দ্ৰপুৰত ৷ পঞ্চম দিনলৈ চন্দ্ৰপুৰত অব্যাহত ধাৰাবাহিক প্ৰতিবাদ ৷ ডাম্পিং গ্ৰাউণ্ড(dumping ground) স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ চন্দ্ৰপুৰবাসীৰ ৷
চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ: উপায়ুক্তৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ
শুকান পুখুৰী চাহ বাগিচাৰ চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে উত্থাপন হৈছে দূৰ্নীতিৰ অভিযোগ । চৰকাৰী গাঁওবুঢ়াজনে উৎকোচ লৈ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে ভূমি দখলৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
APSC ৰ নিযুক্তি কেলেংকাৰী: বুধবাৰে পুনৰ ৯ বিষয়ালৈ জাননী
২০১৩ বৰ্ষত লোকসেৱা আয়োগ(APSC) ৰ চাকৰি লাভ কৰা ৯ গৰাকী সন্দেহজনক বিষয়ালৈ বুধবাৰে পুনৰ জাননী জাৰি কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে । ১৫ দিনৰ ভিতৰত তেওঁলোকক আয়োগৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ । মঙলবাৰে জাননী জাৰি কৰা হৈছিল ১০ জন বিষয়ালৈ ।
দলৰ মজিয়াত বাজেট সন্দৰ্ভত মত বিনিময় বিত্তমন্ত্ৰী অজন্তা নেওগৰ
সমাজৰ বিভিন্ন স্তৰৰ লোকক সাক্ষাৎ কৰি পৰামৰ্শ গ্ৰহণ কৰিব নোৱাৰাৰ বাবে ই-মেইল(Email) আৰু whats app ৰ জৰিয়তে বাজেট সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে । ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন বাজেট সকলো প্ৰকাৰৰ লোকক উপকৃত কৰিব পৰাকৈ প্ৰস্তুত কৰাৰ বাবেই এই প্ৰচেষ্টা বিত্তমন্ত্ৰী অজন্তা নেওগৰ ৷ বুধবাৰে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দলৰ মজিয়াত বাজেট সন্দৰ্ভত বিত্তমন্ত্রী অজন্তা নেওগ এক আলোচনাত মিলিত হয় । ৰাইজৰ লগতে দলৰ কাৰ্যকর্তাসকলৰ পৰামৰ্শ গুৰুত্ব সহকাৰে লোৱা হ’ব মন্ত্ৰী নেওগৰ বাজেটত ।