যোৰহাট 29 মাৰ্চ: তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলা আৰক্ষীয়ে অভিযান চলাই মদ্যপান কৰা দুজনক আটক কৰি কাণত ধৰাই উঠা বহা কৰোৱাই ৷ ইপিনে একে সময়তে বছা চাৰিআলিৰ পৰা 20 হাজাৰ টকাৰ বিদেশী সুৰা জব্দ কৰে এগৰাকী মহিলাৰ ঘৰৰ পৰা ।
ল’ক ডাউনৰ সুযোগ লৈ তিতাবৰত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা - । আৰক্ষীক দু ব্যবহাৰ কৰে মহিলাগৰাকীয়ে লগতে অসভ্য গালি গালাছ কৰে ৷
তিতাবৰ বৰহোলাত অবৈধ সুৰা ব্যৱসায়ীক আৰক্ষীয়ে দিলে এশেকা ৷ এগৰাকী মহিলাৰ ঘৰৰ পৰা জব্দ 20 হাজাৰ টকাৰ বিদেশী সুৰা ৷

ল’ক ডাউন সময়ত মদৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত তিতাবৰত
ল’ক ডাউন সময়ত মদৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত তিতাবৰত
এতিয়া লক ডাউনৰ সুযোগ লৈ বৰহোলাত একাংশ সুৰা ব্যৱসায়ীয়ে ৰমৰমীয়া ব্যৱসায় চলাই আছে । আৰক্ষীলৈ কেৰেপ নকৰে এই দুষ্ট চক্ৰই । এই সুৰাৰ বাবেই বিগত সময়ত বৰহোলা অঞ্চলত চুলাই খাই বহুত লোকৰ মৃত্যু হৈছিল কিন্তু ইয়াৰ পৰা বৰহোলা ৰাইজে একো শিক্ষা গ্ৰহণ নকৰিলে বৰঞ্চ বৰহোলা বিবিন্ন ঠাইত সুৰা ৰমৰমীয়া ব্যৱসায় এতিয়াও অব্যাহত ৰাখিছে ৷ লগতে পঢক: বঙাইগাঁওত আৰক্ষীলৈ শিলগুটি নিক্ষেপ !
Last Updated : Mar 29, 2020, 4:50 PM IST