তিতাবৰ,14 মাৰ্চঃদেওবাৰে তিতাবৰৰ বৰহোলাত কংগ্ৰেছে নিৰ্বাচনী ৰণডংকা বজোৱা দেখা যায় ৷ তৰুণ গগৈৰ অনুপস্থিতিত এইবাৰ নিৰ্বাচন জটিল হ’ব । এই নিৰ্বাচন হ’ব তৰুণ গগৈৰ আদৰ্শ নিৰ্বাচন ৷ দলটোক আগুৱাই নিবলৈ হ’লে ভাস্কৰজ্যোতি বৰুৱাই অকলে আগবাঢ়ি যাব নোৱাৰে । আগুৱাই নিবলৈ হ’লে সকলোকে লাগিব- এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷
একেদৰে পুনৰ সূতাৰ কথা ক’বলৈ গৈ গৌৰৱ গগৈয়ে আগতে সূতা বিনামূলীয়াকৈ পাইছিল এতিয়া মহিলাই সূতা নাপাই বুলি প্ৰকাশ কৰে । পৰিৱৰ্তন হৈছে ধনী মানুহৰ আৰু দুখীয়া মানুহ দুখীয়া হৈয়ে আছে । মাজনী, মামণি, নবৌ আঁচনি ক’ত গ’ল বুলি বিজেপিক প্ৰশ্ন কৰে গগৈয়ে ৷