যোৰহাট, 24 ডিচেম্বৰ: সোমবাৰে নিশা তিতাবৰ মহকুমা অন্তৰ্গত বৰহোলাত এজন সন্দেহজনক নাগৰিকক কৰায়ত্ব কৰি বৰহোলা আৰক্ষীক গতাই দিয়ে অঞ্চলবাসীয়ে । বৰহোলা আৰক্ষীয়ে সীমান্ত আৰক্ষীক খবৰ দিয়াত সীমান্ত আৰক্ষী আহি উপস্থিত হয় যদিও তদন্তৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হয় আৰক্ষীসকল ৷ কাৰণ আটকাধীন লোকজনৰ ভাষা বুজি পোৱাটো অতি কঠিন বুলি মন্তব্য কৰে আৰক্ষীয়ে ৷
যোৰহাটৰ বৰহোলাত আটক সন্দেহযুক্ত নাগৰিক - বৰহোলা আৰক্ষী
সীমান্ত আৰক্ষীয়ে লোকজনক নিজৰ জিম্মাত ৰাখি অভিযান অব্যাহত ৰাখিছে। লোকজনক কোনো দুষ্ট চক্ৰই নাগালেণ্ড পৰা আনি অসম নাগালেণ্ড সীমান্তত এৰি দিয়া বুলিও ৰাইজৰ সন্দেহ প্ৰকাশ কৰে ৷
সন্দেহ জনক বাংলাদেশী
ইতিমধ্যে আটকাধীন লোকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে পুৰুষৰ সামগ্ৰীৰ লগতে মহিলাৰো বহু সামগ্ৰী ৷ লোকজনে আৰক্ষীক কোনো ধৰণৰ প্ৰমাণ পত্ৰ দেখুৱাব নোৱাৰাৰ ফলত বৰ্তমানলৈ মানুহজনৰ কোনো পৰিচয় উলিয়াব পৰা নাই আৰক্ষীয়ে ৷ সেয়ে সীমান্ত আৰক্ষীয়ে লোকজনক নিজৰ জিম্মাত ৰাখি অভিযান অব্যাহত ৰাখিছে । লোকজনক কোনো দুষ্ট চক্ৰই নাগালেণ্ড পৰা আনি অসম নাগালেণ্ড সীমান্তত এৰি দিয়া বুলিও ৰাইজৰ সন্দেহ প্ৰকাশ কৰে ৷
লগতে পঢ়ক: CAAৰ বিৰুদ্ধে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ অভিনৱ প্ৰতিবাদ