অসম

assam

ETV Bharat / state

তিতাবৰতো অনুষ্ঠিত হ’ব নেকি উপ-নিৰ্বাচন ?

যোৰহাটত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ সভাত দেখা গ’ল তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাক ৷ সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ’ব লাগে বুলি মঞ্চৰ পৰা গোপনে আঁতৰি গ’ল তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱা । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিনমান পূৰ্বে যোৰহাট ভ্ৰমণ কৰাৰ সময়তো পাচে পাচে ঘূৰি ফুৰা দেখা গৈছিল ভাস্কৰ বৰুৱাক । যাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে সচেতন মহলৰ মাজত, তিতাবৰতো পাতিব লাগিব নেকি উপ-নিৰ্বাচন ৷

byelection
বিজেপিৰ সভাত কংগ্ৰেছ বিধায়ক

By

Published : Aug 23, 2021, 6:05 PM IST

যোৰহাট, 23 আগষ্ট : মুখ্যমন্ত্ৰীৰ পদ এৰি কেন্দ্ৰীয় মন্ত্ৰী দায়িত্ব লোৱাৰ পাচত শনিবাৰে প্ৰথমবাৰৰ বাবে অসমত পদাৰ্পণ কৰিলে সৰ্বানন্দ সোণোৱালে ৷ সোণোৱালক আদৰণি জনাবৰ বাবে অসম বিজেপিয়ে আয়োজন কৰিলে আশীৰ্বাদ যাত্ৰা ৷ ছখনকৈ সাংগঠনিক জিলাত এই যাত্ৰা অনুষ্ঠিত কৰা হয় ৷ কিন্তু যোৰহাটত আশীৰ্বাদ যাত্ৰাত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷

বিজেপিয়ে অসমত আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাক ইতিমধ্যে তীব্ৰভাৱে সমালোচনা কৰিছে বিৰোধীয়ে ৷ কিন্তু তাৰ মাজতে জন আশীৰ্বাদ যাত্ৰাত উপস্থিত থকা দেখা গ’ল তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক ৷ যোৰহাটত অনুষ্ঠিত জন আশীৰ্বাদ যাত্ৰাত বিজেপি মন্ত্ৰী-সাংসদৰ সৈতে একেখন মঞ্চত দেখা গ’ল কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱাক ৷ তাৰ দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট ভ্ৰমণ কালতো ছাঁৰ দৰে মুখ্যমন্ত্ৰীৰ সৈতে দেখা গ’ল কংগ্ৰেছ বিধায়কগৰাকীক ৷

বিজেপিৰ সভাত কংগ্ৰেছ বিধায়ক

লগতে পঢ়ক :বিশ্বাসৰ অভাৱে উপ-নিৰ্বাচনৰ অংকত আউল লগাব নেকি মহাযোঁটক ?

আশীৰ্বাদ যাত্ৰাত উপস্থিত থকা ভাস্কৰ বৰুৱাক সাংবাদিকে কিবা সোধাৰ আগতেই তেওঁ মঞ্চৰ পৰা গোপনে আঁতৰি যোৱা পৰিলক্ষিত হয় ৷ যি সময়ত খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে এই জন আশীৰ্বাদ যাত্ৰাক কঠোৰভাৱে সমালোচনা কৰিছে, তেনে সময়ত বিধায়ক গৰাকীৰ ইয়াত অংশ গ্ৰহণে স্বাভাৱিকতেই সন্দেহৰ অৱকাশ আনিছে ৷ ভাস্কৰ বৰুৱাও ৰূপজ্যোতি, সুশান্তৰ পথৰেই পথিক হ’ব পাৰে বুলিও চৰ্চা চলিছে ৰাজনৈতিক মহলত ৷ বহুতৰ মতে তিতাবৰতো হয়তো অনুষ্ঠিত কৰিব লাগিব উপ-নিৰ্বাচন ৷

উল্লেখ্য যে, দীৰ্ঘ সময় ধৰি তিতাবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ কংগ্ৰেছৰ অন্যতম শক্তিশালী দূৰ্গ আছিল তিতাবৰ ৷ 2021ৰ নিৰ্বাচনত তৰুণ গগৈৰ অবৰ্তমানতো কংগ্ৰেছে তাত নিজৰ প্ৰতিপত্তি দেখুৱাবলৈ সক্ষম হৈছিল ৷ কিন্তু বৰ্তমান সময়ত যদি নিজৰ ৰাজনৈতিক জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত ভাস্কৰ বৰুৱাই বিজেপিত যোগ দিয়ে, তেন্তে কংগ্ৰেছৰ স্থিতি কিছু থৰক বৰক হ’ব তিতাবৰত ৷

আনহাতে, দেখা গৈছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই জন আশীৰ্বাদ যাত্ৰাৰ অৰ্থই তেওঁ বুজি পোৱা নাই বুলি সমালোচনা কৰিছে ৷ তাৰোপৰি ক’ভিডৰ বাবে সান্ধ্য আইনৰ লগতে আন্তঃজিলা বাছ চলাচল বন্ধ কৰি থোৱাৰ সময়তে বিজেপিয়ে উদ্দেশ্য প্ৰণোদিতভাৱে আয়োজন কৰা এই যাত্ৰাক গৰিহণা দিয়ে ভূপেন বৰাই ৷

লগতে পঢ়ক :যোৰহাটত সৰ্বানন্দ সোণোৱালৰ জন আৰ্শীবাদ যাত্ৰা

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে যে, সৰ্বানন্দ সোণোৱালক অসমৰ ৰাইজে আশীৰ্বাদ নহয় অভিশাপহে দিছে ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ তথা দলটোৱে বিভিন্ন থানাত বিজেপিৰ নেতা-মন্ত্ৰীৰ বিৰুদ্ধে তৰিছে গোচৰ ৷ কিন্তু তাৰ পাচতো এগৰাকী বিৰোধী বিধায়ক এইদৰে বিজেপিৰ অনুষ্ঠানত উপস্থিত থকা বিষয়টোৱে সকলোৰে গুৰুত্ব আকৰ্ষণ কৰিছে ৷

উল্লেখ্য যে, শেহতীয়াকৈ কংগ্ৰেছৰ সংগল ত্যাগ কৰিছে কেইবাগৰাকীও শক্তিশালী নেতাই ৷ বিধায়ক হৈ থকাৰ পাচতো মাত্ৰ কেইদিনমান পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগ দিলে মৰিয়নিৰ ৰূপজ্যোতি কুৰ্মী আৰু থাওৰাৰ সুশান্ত বৰগোঁহায়ে ৷ একেদৰে কংগ্ৰেছৰ কাৰ্যকলাপত অসন্তুষ্ট হৈ বৰাকত সুস্মিতা দেৱেও কংগ্ৰেছ ত্যাগ কৰি কাষ চাপিল মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ ৷

লগতে পঢ়ক :ফণী "গেৰুৱা" প্ৰাৰ্থী হ'লেও ভৱানীপুৰৰ উপ-নিৰ্বাচনত নিজা প্ৰাৰ্থী দিব অগপই

যদিওবা সুস্মিতা দেৱে পদত্যাগ পত্ৰত কোনো বিষেদ্বগাৰ কৰা নাছিল, তথাপিও পৰৱৰ্তী সময়ত তেওঁ সংবাদ মাধ্যমৰ সমুখত কৰা মন্তব্যত এই অসন্তুষ্টি ফূটি উঠিছিল ৷ সুস্মিতাই উল্লেখ কৰা অনুসৰি অসমত কোনে কাৰ হৈ ৰাজনীতি কৰিছে সেয়া সঠিককৈ কোৱা টান বৰ্তমান সময়ত ৷

ডুবন্ত কংগ্ৰেছক উদ্ধাৰৰ বাবে পূৰ্বৰ সভাপতি ৰিপুন বৰাক আঁতৰাই দলে সভাপতিৰ দায়িত্ব অৰ্পন কৰিলে ভূপেন কুমাৰ বৰাক ৷ ৰাজ্যিক পৰ্যায়ত নহ’লেও ৰাষ্ট্ৰীয় পৰ্যায়ত ভূপেন বৰাৰ স্থিতি মজবুত বুলি ভাবি লোৱাৰ থল আছে ৷ গতিকে ভৱা হৈছিল যে, ভূপেন বৰাৰ আগমণে কংগ্ৰেছক অসমত পুনৰ শক্তিশালী কৰিব ৷

লগতে পঢ়ক :সুস্মিতা দেবক অসমত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে

কিন্তু পুৰণা বেমাৰ কংগ্ৰেছৰ লগত এতিয়াও লাগি আছে ৷ সভাপতিৰ আসনখনৰ প্ৰতি লালসা বহুকেইজন কংগ্ৰেছীৰেই আছে ৷ গতিকে লোকক দেখুৱাই মৰমত মাতিলেও ভিতৰি ভিতৰি ক্ষোভ এটা থকাতো স্বাভাৱিক ৷ একাংশৰ দল ত্যাগ ইয়াৰ অন্যতম কাৰণ হ’ব পাৰে ৷

2021 ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অকলে লাভ কৰিছিল 29খন আসন ৷ তাৰ ভিতৰত ৰ্বতমান দুখন আসনত খালী হৈছে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাইৰ পদত্যাগৰ পাচত ৷ আনহাতে মিত্ৰদল এ আই ইউ ডি এফ(AIUDF)ৰ ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰো এ আই ইউ ডি এফ(AIUDF) এৰি বিজেপিলৈ যোৱাতো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক :হিমন্ত চৰকাৰৰ এশ দিনীয়া সফলতাৰ আঁৰত আছে নৰেন্দ্ৰ মোদীৰ আৰ্শীবাদ : সোণোৱাল

এতিয়া শেহতীয়া চাল-চলন চাই ভাস্কৰ বৰুৱায়ো যদি অন্য পদক্ষেপ গ্ৰহণ কৰে তেন্তে বাৰুকৈয়ে সমস্যাত পৰিব কংগ্ৰেছ ৷ কাৰণ এইকেইটা সমষ্টি নিজৰ দখললৈ আনি নিজকে একক সংখ্যা গৰিষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাব বিজেপিয়ে ৷ মাত্ৰ চাৰিখন আসনত জয় লাভ কৰিব পাৰিলেই একক সংখ্য়া গৰিষ্ঠ দলত পৰিণত হ’ব বিজেপি ৷

গতিকে এতিয়া কংগ্ৰেছৰ ডুবন্ত জাহাজ কিদৰে পাৰলৈ চপাই সেয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব ভূপেন কুমাৰ বৰাৰ ওপৰত ৷ কাৰণ বাৰম্বাৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছে কংগ্ৰেছত থকা তেওঁৰ গুপ্তচৰৰ কথা ৷ সেই চোৰাংচোৱা চিনি তাক দলৰ পৰা আঁতৰোৱাৰ লগতে দলৰ প্ৰতি বিদ্বেষ উপজি আঁতৰিব খোজাসকলক ধৰি ৰখাত ভূপেন বৰা সফল হয় নে হয় লক্ষণীয় হ’ব ৷ অন্যথা উপনিৰ্বাচনৰ বাবে আগবঢ়াই দিব লাগিব পাৰে তিতাবৰ সমষ্টিকো ৷

লগতে পঢ়ক :মানৱ দেহৰ অংগ সৰবৰাহকাৰী চক্ৰ বনাম অসম আৰক্ষী : পুনৰ সফলতা আৰক্ষীৰ

ABOUT THE AUTHOR

...view details