অসম

assam

ETV Bharat / state

তিতাবৰত কৃষক মুক্তিৰ প্ৰতিবাদ

বৰহোলাত স্বাস্থ্য , বিদ্যুৎ আৰু গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ ৰোগীক অৱহেলা, ৰোগীৰ পৰা অবৈধভাৱে টকা সংগ্ৰহৰ অভিযোগ বৰহোলা সামূহিক স্বাস্থ্য খণ্ডৰ বিৰুদ্ধে ৷

তিতাবৰত কৃষক মুক্তিৰ প্ৰতিবাদ

By

Published : Aug 21, 2019, 9:36 PM IST

তিতাবৰ, 21 আগষ্টঃ বুধবাৰে তিতাবৰৰ বৰহোলাত স্বাস্থ্য , বিদ্যুৎ আৰু গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংগঠনটোৰ অভিযোগ, বৰহোলাৰ সামূহিক স্বাস্থ্য খণ্ডত ৰোগীয়ে আজিপৰ্যন্ত জীয়াতু ভুগি আহিছে চিকিৎসালয়ৰ অৱহেলাৰ বাবে ৷ গুৰুত্বপূৰ্ণ কথা যে, ৰোগীৰ পৰা অবৈধভাৱে টকা সংগ্ৰহৰ অভিযোগো আছে চিকিৎসালয়খনৰ বিৰুদ্ধে ৷ বৰহোলাত প্ৰয়োজনীয় চিকিৎসক যোগদান ধৰা , বিদ্যুৎ যোগান নিয়মীয়া কৰা আৰু তিতাবৰ বৰহোলা সংযোগী ন-আলি পথ মেৰামতিৰ দাবীৰে বৰহোলা সামূহিক চিকিৎসালয়ৰ প্ৰাংগণত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে ৷ সমস্যাসমূহ সমাধানৰ বাবে মহকুমা প্ৰশাসনক সংগঠনটোৱে 15 দিনৰ সময়সীমা দিয়ে ৷

তিতাবৰত কৃষক মুক্তিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details