তিতাবৰ,১ মে': অৱশেষত আৰক্ষীৰ জালত পৰিল আলফা(স্বাঃ) লৈ মুকলি সমৰ্থন জনোৱা তিতাবৰৰ অমল সোণোৱাল । ফেচবুকৰ জৰিয়তে পৰেশ বৰুৱাক জন্মদিনৰ শুভেচ্ছা জনাইছিল যুৱকজনে ।
আলফা(স্বাঃ) লৈ মুকলি সমৰ্থন জনাই আটক তিতাবৰৰ যুৱক - সামাজিক মাধ্যম
সামাজিক মাধ্যমযোগে আলফা(স্বাঃ) লৈ মুকলি সমৰ্থন জনোৱাৰ অভিযোগত আটক হ'ল তিতাবৰৰ এজন যুৱক । আলফা(স্বাঃ)ৰ সংগ্ৰাম আগবঢ়াই নিবলৈ আহ্বান জনাইছিল যুৱকজনে ।
তিতাবৰৰ অমল সোণোৱালক আটক
লগতে আলফা(স্বাঃ)ৰ সংগ্ৰাম আগবঢ়াই নিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছিল অমল সোণোৱালে । ধৃত যুৱকজনৰ ঘৰ তিতাবৰ বান্দৰচলিয়াত । যুৱকজনে ফেচবুকৰ জৰিয়তে আলফা(স্বাঃ) লৈ সমৰ্থন জনাই পোষ্ট কৰাৰ পিছতে তিতাবৰ আৰক্ষীয়ে তেওঁক আটক কৰে ।
লগতে পঢ়ক: অসমত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণাই