অসম

assam

ETV Bharat / state

টীয়ক নৈত সন্ধানহীন এজনঃ উদ্ধাৰ অভিযান অব্যাহত

টীয়ক নৈৰ থকা সাঁকো পাৰ হওতে হঠাৎ পানীত পৰিল এজন 45 বছৰীয়া লোক ৷ টীয়কৰ চাৰি নম্বৰ ৱাৰ্ডৰ বাহবাৰী অঞ্চলৰ লোকজনৰ নাম অজিত গগৈ ৷ লোকজনৰ সন্ধানত মঙলবাৰে পুৱাৰে পৰা এছ ডি আৰ এফ বাহিনীৰ অভিযান আৰম্ভ ৷

By

Published : Oct 29, 2019, 12:01 PM IST

Updated : Oct 29, 2019, 12:45 PM IST

এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান

টীয়ক,29অক্টোবৰঃদীপাৱলীৰ আনন্দৰ মাজতে যোৰহাট টীয়কত অঘটন ৷ টীয়কৰ চাৰি নম্বৰ ৱাৰ্ডৰ বাহবাৰী অঞ্চলত সোমবাৰে নিশা অজিত গগৈ নামৰ এজন 45 বছৰীয়া লোকে টীয়ক নৈৰ ওপৰত থকা সাঁকো পাৰ হওতে হঠাৎ পানীত পৰে ৷ স্থানীয়লোকে প্ৰত্যক্ষ কৰি লোকজনক উদ্ধাৰৰ বাবে চেষ্টা চলাই যদিও বাঢ়নী পানীৰ বাবে নিশা সফল নহ'ল । উল্লেখ্য যে অজিত গগৈয়ে সন্ধিয়া কামৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই ঘটনাটো। ইপিনে লোকজনৰ সন্ধানত মঙলবাৰে পুৱাৰে পৰা যোৰহাটস্থিত এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাইছে যদিও বৰ্তমানলৈকে লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

টীয়ক নৈত সন্ধানহীন এজনঃ উদ্ধাৰ অভিযান অব্যাহত
Last Updated : Oct 29, 2019, 12:45 PM IST

ABOUT THE AUTHOR

...view details