টীয়ক, 19 অক্টোবৰ : সোমবাৰে টীয়কত মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে প্ৰতিবাদ শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মাইক্ৰফাইনেন্স বন্ধ কৰি আমাক ৰক্ষা কৰক নহ'লে আমাক মাৰি পেলাওক শ্ল'গানেৰে সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি, মাইক্ৰফাইনেন্স শোষণ বিৰোধী সংগ্ৰামী মঞ্চৰ উদ্যোগত টীয়কৰ বলমাৰ পৰা সমদল কৰি ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷
টীয়কত মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে তিনি সংগঠনৰ প্ৰতিবাদ - ৰাজহ চক্ৰ
টীয়কত মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে প্ৰতিবাদ ৷ 24 অক্টোবৰৰ ভিতৰত দাবী মানি লবলৈ আহ্বান প্ৰতিবাদকাৰীৰ ৷

টীয়কত মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে তিনি সংগঠনৰ প্ৰতিবাদ
বিগত সময়ত মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে এই সংগঠন সমূহৰ যৌথ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল যদিও কোনো সুফল নোপোৱাত সোমবাৰে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ 24 অক্টোবৰৰ ভিতৰত তেওঁলোকৰ দাবী সমূহ মানি লবলৈ আহ্বান জনাইছে অন্যথা আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷
টীয়কত মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে তিনি সংগঠনৰ প্ৰতিবাদ
লগতে পঢ়ক :ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা গাফিলতিত ক্ষুব্ধ ডিমাছা ছাত্ৰ সন্থা